বঙাইগাঁৱৰ প্ৰতিবেদক:
বঙাইগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ পাঁচগৰাকী পুৰুষ-মহিলা বিগত তিনি বছৰৰ অধিক কাল সন্দেহযুক্ত বিদেশী অভিযুক্ত হৈ ডিটেনচন কেম্পত বন্দিত্বৰ জীৱন কটোৱাৰ পিছত শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহে।আবেলি পৰত বঙাইগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিদেশী ন্যায়াধীকৰণ বিভাগ আৰু আৰক্ষী বিভাগৰ যাৱতীয় কাম সম্পূৰ্ণ হৈ উঠাত জিলাখনৰ তিনিগৰাকী পুৰুষ আৰু দুগৰাকী বন্দী মহিলাই ডিটেনচন কেম্পৰ পৰা মুক্তি লাভ কৰে।অৱশ্যে উল্লেখিত পাঁচগৰাকী লোকে ডিটেনচন কেম্পৰ পৰা মুক্তি লাভ কৰিলেও আৰক্ষী আৰু বিদেশী ন্যায়াধীকৰণ আদালতৰ স'তে যোগাযোগ অব্যাহত ৰাখিব লাগিব ৷ উল্লেখ্য যে গোৱালপাৰা ডিটেনচন কেম্পৰ পৰা মুক্তি লাভ কৰা লোক তিনিজন হৈছে জিলাখনৰ যোগীঘোপা থানাৰ অধীনৰ কচুদোলা গাঁৱৰ দুখধন দাস(৫০), মাণিকপুৰ থানাৰ অধীনৰ গেৰুকাবাৰীৰ ৰতন বিশ্বাস (৫৫) আৰু অভয়াপুৰী কাছাৰীপেটিৰ ৰাজ কুমাৰ মণ্ডল (৪০)।আনহাতে,কোকৰাঝাৰ ডিটেনচন কেম্পৰ পৰা মুক্তি লাভ কৰা মহিলা দুগৰাকী হৈছে মাণিকপুৰ থানাৰ অন্তৰ্গত নগৰঝাৰৰ শান্তি বালা মণ্ডল(৬০) আৰু অভয়াপুৰী অঞ্চলৰ চাবিনা বেওৱা (৫৮)৷ সন্দেহজনক বিদেশী চিনাক্তকৰণ হৈ বিগত তিনি বছৰৰ অধিক কাল বন্দী হৈ থকাৰ পিছত লোককেইগৰাকী মুক্ত হোৱাত নিজ নিজ পৰিয়ালৰ লোকসকলে তেওঁলোকক পাই আনন্দিত হৈ পৰে আৰু ঘৰলৈ নিবলৈ অহা পৰিলক্ষিত হয় ৷
- Log in to post comments
- 18 views