ত্যাগ আৰু মিলনৰ মহান উৎসৱ ঈদ-উল-আজহা

eid_prayer_guwahati

আজি পৱিত্ৰ ঈদ-উল-আজহা বা ঈদ-উজ-জোহা। ত্যাগ আৰু মিলনৰ মহান উৎসৱ এই ঈদ-উল-আজহা। কঠোৰ নীতি-নিয়ম, আত্মসংযম, প্ৰেম আৰু ভাতৃত্ববোধৰ আদৰ্শ অন্তৰ্নিহিত ধৰ্ম হ'ল ইছলাম। ইছলাম--যাৰ অৰ্থ হ'ল শান্তি। মানৱ প্ৰেম এই ধৰ্মৰ অমোঘ শক্তি। আনহাতে, জন্মভূমিৰ প্ৰতি দায়িত্ব আৰু ইয়াৰ ৰক্ষাৰ বাবে আত্মবলিদান দিবলৈ সদা প্ৰস্তুত হৈ থকা ধৰ্মটোৰ আন এক মহানতা। এই আত্মবলিদানৰ তাৎপৰ্যৰে প্ৰকাশ হ'ল এই ঈদ-উল-আজহা।

ইছলাম ধৰ্মৰ মহান পুৰুষসকলৰ ভিতৰত এক অন্যতম পুৰুষ হ'ল হজৰত ইব্ৰাহিম। ইব্ৰাহিম, যাক আল্লাহৰ অতি প্ৰিয় বুলি কোৱা হয়। আনহাতে, আল্লা বা ভগৱানৰ অতি প্ৰিয়সকলেই বিভিন্ন সময়ত, বিভিন্ন কাৰণত আল্লাহৰ পৰীক্ষাৰ সন্মুখীন হ'বলগা হয়, ধৈৰ্য আৰু সহ্যৰ প্ৰমাণ দিবলগা হয়। একেদৰে ইব্ৰাহিমেও বাৰে বাৰে আল্লাহৰ বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'বলগা হৈছিল, আল্লাহৰ ওপৰত থকা বিশ্বাস আৰু ভক্তিৰ প্ৰমাণ দিবলগা হৈছিল। তথাপি কিন্তু তেওঁ বিচলিত হোৱা নাছিল। হাঁহিমুখে সকলো পৰীক্ষাতে অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈছিল।

তেনে পৰীক্ষাসমূহৰ ভিতৰত এক কঠোৰ পৰীক্ষা আছিল নিজৰ সন্তানক আল্লাহৰ নামত বলিদান দিয়া। বৃদ্ধ বয়সত সন্তানৰ মুখ দেখা ইব্ৰাহিমে তেওঁৰ অতিকে প্ৰিয় সন্তান ইছমাইলক আল্লাহৰ নামত কোৰবান কৰিব লাগে। স্বামী আৰু বাপেকৰ এই ধৰ্ম পৰীক্ষাত পত্নী হাজেৰা আৰু পুত্ৰ ইছমাইলে হাঁহি হাঁহি সহযোগিতা আগবঢ়াইছিল। নিজ পুত্ৰক আল্লাহৰ প্ৰেমত কোৰবান কৰিবলৈ সাজু হৈছিল। আল্লাহে ইব্ৰাহিমৰ তেওঁৰ প্ৰতি থকা প্ৰেমত সন্তুষ্ট হৈ পুত্ৰৰ জীৱনৰ ঠাইত এটা জন্তুৰ জীৱনেৰে এক মহান নিদৰ্শন স্থাপন কৰিছিল। তেতিয়াৰে পৰা কোৰবানীৰ পৰম্পৰা ইছলাম ধৰ্মত বৰ্তমানেও চলি আহিছে।  সহজ আৰু সৰলভাৱে এয়াই কোৰবানীৰ ব্যাখ্যা।

আনহাতে, ইছলামধৰ্মী লোকসকলে পালন কৰা দুটা প্ৰধান উৎসৱৰ ঈদ-উল-আজহা হ'ল এটা । ঈদ-উল-আজহাৰ লগত সংযুক্ত হৈ আছে আনকেইটামান ধৰ্মীয় পৰম্পৰা। প্ৰথম, এই ঈদ-উল-আজহাতে পালন কৰা হয় ইছলাম ধৰ্মৰ পঞ্চ স্তম্ভৰ এটা হজ। মানসিক, শাৰীৰিক আৰু অৰ্থনৈতিকভাৱে সুস্থ-সবল প্ৰতিজন মুছলমানে পালন কৰিব লাগে হজ। মক্কা-মদিনাত গৈ ধৰ্মীয় পৰম্পৰাৰে এই হজ পালন কৰিব লাগে। প্ৰতি বছৰে বিশ্বৰ কেইবা নিযুত লোকে হজ পালন কৰে। হজৰ পৰম্পৰাগত ৰীতি-নীতি পালনেৰে ঈদ-উল-আজহা নমাজ আদায় কৰি হজৰত ইব্ৰাহিম আৰু ইছমাইলৰ স্মৃতিত কোৰবানী কৰিব লাগে।

কোৰবানী ঠাই অনুযায়ী উপলব্ধ অতি মৰমৰ সুস্থ আৰু নিৰোগী এটা জন্তু নিজৰ সামৰ্থ্য অনুযায়ী প্ৰতীকী অৰ্থত ইব্ৰাহিম আৰু ইছমাইলৰ ত্যাগৰ চিনস্বৰূপে দিব লাগে। এটা কথা উল্লেখনীয় যে কেৱল মাংসৰ উদ্দেশ্যত কোৰবানী কৰা নাযায়। সেয়েহে কোৰবানী দিয়া জন্তুৰ মাংস সকলোৰে মাজত ভাগ-বতৰা কৰা হয়। কোৰবানীৰ উদ্দেশ্য হ'ল ত্যাগ। সেয়েহে আমি আমাৰ মনৰ পৰা লোভ, মোহ, কাম, ক্ৰোধ আদি ত্যাগ কৰিব পৰাটোহে কোৰবানীৰ প্ৰকৃত তাৎপৰ্য। হিংসা, কপটতা, অশান্তিৰ বীজ মনৰ পৰ দূৰ কৰি প্ৰেম আৰু ভাতৃত্ববোধৰ বাবে উদ্বুদ্ধ হোৱাটোহে কোৰবানীৰ প্ৰকৃত উদ্দেশ্য। বিশ্ব প্ৰেম আৰু মানৱ প্ৰেম মনত জাগ্ৰত কৰাটোহে কোৰবানীৰ সাৰ্থকতা।

বৰ্তমান সমগ্ৰ বিশ্বতে ইছলাম ধৰ্ম বিভিন্ন কাৰক আৰু  বিভিন্ন পক্ষৰ  প্ৰৰোচনাত বদনামী হবলৈ ধৰিছে। এচাম ধৰ্মান্ধ আৰু ন্যস্ত স্বাৰ্থ জড়িতৰ সংকীৰ্ণ মনোভাবত ইছলামধৰ্মী বহুতেই  এক কুটিল চক্ৰত ভৰি থৈছে। কিন্তু ইছলাম ধৰ্মত এইবোৰৰ কোনো স্থান নাই। প্ৰকৃত মুছলমানে এই পথত কেতিয়াও ভৰি নিদিয়ে। বিশ্বৰ অন্যতম ধৰ্মগুৰু হজৰত মহম্মদে দেখুওৱা পথো এয়া নহয়।  সেয়েহে কোৰবানীৰ মহত্ত্ব অনুধাৱন কৰি এই দিশত আমি সচেতন হোৱা প্ৰয়োজন।

আহক, আজিৰ এই পৱিত্ৰ ঈদ-উল-আজহা আৰু কোৰবানীৰ প্ৰকৃত তাৎপৰ্য অনুধাৱন কৰি আমি এক বিশ্ব ভাতৃত্ববোধৰ সমাজ গঠনৰ বাবে উদ্বুদ্ধ হওঁ। মানৱ ধৰ্ম আৰু বিশ্ব জাতি গঠনৰ বাবে আজি পৱিত্ৰ ঈদত দোৱা কৰোঁ। শেষত সকলোকে ঈদ-উল-আজহাৰ শুভেচ্ছা জনালোঁ

Your Comments