সমষ্টি উন্নয়নত চূড়ান্তভাৱে ব্যৰ্থ হৈছে সাংসদ নৱ শৰণীয়া : গণেশ কছাৰী

goraswar_assam

কেৱল প্ৰতিশ্ৰুতিৰ বাবে নহয়, মই ৰাজনীতি কৰিছো উন্নয়ণৰ বাবেহে। শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত বিগত ১৫ বছৰত যিমান আচঁনি ৰূপায়ন কৰা হৈছে তাৰ তুলনাত অসমৰ কোনো এটা বিধানসভা সমষ্টিতে সিমান উন্নয়ণ হোৱা নাই। যদি সমষ্টি উন্নয়ণ নোহোৱাৰ কোনোবাই প্ৰমাণ দিৱ পাৰে তেন্তে মই ৰাজনৈতিক জীৱনৰ পৰাই সন্ন্যাস ল'ম-এই মন্তব্য বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ।

আজি বাগসা জিলাৰ শুক্লাই পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মাদালবাৰীত শুক্লাই নদীৰ ওপৰত নিৰ্মাণ হ'ৱলগীয়া ১০০ মিটাৰ দীঘল পকী দলঙৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকি এনেদৰে কয় বি টি চি ৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে। তেওঁ তেওঁৰ পৰিষদীয় সমষ্টিটো মিত্ৰজোঁটৰ দখলত থকা মঙ্গলদৈ লোকসভা সমষ্টি আৰু ৰঙিয়া বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ থকা সত্ত্বেও আজি দীৰ্ঘদিনে উন্নয়ণৰ ক্ষেত্রত উপেক্ষিত হৈ আহিছে বুলিও খেদ প্ৰকাশ কৰে ।

অনুষ্ঠানটোতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াক কঠোৰ ভাষাৰে সমালোচনা কৰি সাংসদগৰাকী সমষ্টি উন্নয়ণত চূড়া্ন্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে৷ চিডি ওৱৰ্কৰ পেকেজ নং এএছ-২৪-১৮২ৰ অধীনত মাদালবাৰীৰ পৰা বেটাগাঁৱলৈ পকী পথ তথা পকী দলং, কুমাৰীকাটাৰ পৰা চেঁচাপানীলৈ পকী পথ, নাওকাটাৰ পৰা গোপচা চুবালৈ পকী পথ আৰু বকুলগুৰিৰ পৰা ৰৌমাৰীলৈ পকী পথ নিৰ্মাণৰ বাবে ১৪.৬৫ কৌটি টকাৰ আচঁনিৰ কাম হাতত লোৱা বুলি আজি নিজৰ ভাষণত কছাৰীয়ে সদৰী কৰে ।

শুক্লাই চেৰফাং ব্লক বিপিএফৰ সম্পাদক দিগন্ত বেজবৰুৱাই আত ধৰা সভাত নিৰ্মীয়মান দলঙৰ ঠিকাদাৰ মইনুল হক চৌধুৰী, টিএলচিচিৰ অধ্যক্ষ ৰুদ্ৰ সুবেদী আদিকে ধৰি বহুকেইগৰাকী দলীয় নেতা-কৰ্মী উপস্থিত থকাৰ লগতে আজিৰ সভাখনত কেইবা শতাধিক স্থানীয় লোকো উপস্থিত থাকে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্থানীয় একাংশ ৰাইজ তথা আত্ম-সহায়ক গোটে কাৰ্যবাহী সদস্য গৰাকীক আৰনাই, গামোচা, গোৰ্খা টুপি আদিৰে সম্বৰ্ধনা জনায়। 

Your Comments