নলবাৰীৰ পৰা হেমন্ত কলিতা:
নলবাৰী জিলাৰ উত্তৰ দিশৰ বতাহগিলাত বিগত দুটা দিনত চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনাৰ মূল অভিযুক্ত বিমল বৰ্মনক বৃহস্পতিবাৰে আটক কৰে ৷ উল্লেখ্য যে,
উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত এগৰাকী যুৱতীৰ ওপৰত শাৰিৰীক নিৰ্যাতন চলোৱা বিমল বৰ্মন নামৰ যুৱকজনক নলবাৰী আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, এজন যুৱক বন্ধুৰ সৈতে অঞ্চলটোত টিক টিক ভিডিঅ’ প্ৰস্তুতৰ বাবে যোৱা যুৱতীগৰাকীক আটক কৰিছিল স্থানীয় একাংশ লোকে। আটক কৰা যুৱতীগৰাকীক বিমল বৰ্মন নামৰ যুৱকজনে পিছফালৰ পৰা গোৰ সোধোৱাৰ দৃশ্য বন্দী হৈছিল এটা ভিডিঅ’ত। সেই ভিডিঅ’ ৰাজহুৱা হোৱাৰ পিছত ম'ৰেল পুলিচিঙৰ নামত যুৱতীগৰাকীৰ ওপৰত এই অত্যাচাৰ চলোৱা যুৱকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল সেই ভিডিঅ’।প্ৰথমে যুৱকজনৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাছিল যদিও সংবাদ মাধ্যমৰ লগতে বিভিন্নজনৰ প্ৰতিবাদৰ অন্তত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয় নলবাৰী সদৰ আৰক্ষী।সম্প্ৰতি,নলবাৰী সদৰ থানাৰ আৰক্ষীয়ে বৰ্মনক সোধপোচ অব্যাহত ৰাখিছে।
- Log in to post comments
- 27 views