ডবকাত নাবালক গাড়ী চালকে মহটীয়াই নিলে দুজনক

doboka_assam

ঈদৰ আগদিনা এক ভয়ংকৰ পথ দুৰ্ঘটনাই এজন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে সংকটজনক অৱস্থাত এজন লোকে চিকিৎসালয়ত মৃত্যুৰ ক্ষণ গণাৰ এক কৰুণ ঘটনা সংঘটিত হৈছে ৷ বাতৰি অনুসৰি আজি ডবকাৰ ভগীৰাম পথাৰ নামৰ ঠাইত আজি দুপৰীয়া সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত আবু হানিফা (৬০) নামৰ লোক জন থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় মুস্তাফা আহমেদ নামৰ ৬৫ বছৰীয়া এগৰাকী বৃদ্ধ ৷

মুস্তাফাক সংকটজনক অৱস্থাত ডবকা আৰক্ষী আৰু স্থানীয় লোকে উদ্ধাৰ কৰি ডবকা  চিকিৎসালয়ত ভৰ্তি কৰে যদিও তেওঁৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসকে নগাঁৱলৈ প্ৰেৰণ কৰে ৷ ডবকা ভগীৰাম পথাৰৰ এটা কেনেলৰ ওপৰত এএছ ০২ ডব্লিউ ১২৩৬ নম্বৰৰ বলেৰো গাড়ীখন ৰখাই থোৱা আছিল যদিও ডবকা চৰ্দাৰ গাঁৱৰ দুয়ো গৰাকী সম্পৰ্কীয় ভাই-ককায়ে স্থানীয় মছজিদৰ পৰা আচৰৰ নামাজ পঢ়ি ৰাস্তাৰে ঘৰমুৱা হৈ থকা অৱস্থাত হঠাতে গাড়ীৰ মালিকৰ নাবালক পুত্ৰই বলেৰো গাড়ীখন ষ্টাৰ্ট দি নিয়ন্ত্ৰণ হেৰুৱাই দুয়োগৰাকী পথচাৰিক মহটিয়াই লৈ যায় ৷

উক্ত ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আনজন গুৰুতৰভাৱে আহত হয় ৷ ডবকা আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ গাড়ীখন জব্দ কৰাৰ লগতে তদন্তৰ ব্যৱস্থা কৰে ৷

Your Comments