জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বার্ষিকী নদুৱাৰ উন্নয়ন খণ্ড কাৰ্যালয়তো পালন কৰা হয় । এই উপলক্ষে বিয়লি খণ্ড উন্নয়ন বিষয়া ৰাজীৱ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ডঃ ভূপেন হাজৰিকাৰ প্রতিকৃতিত বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে দিব্যজ্যাতি হাজৰিকা আৰু জ্যোতি ৰঞ্জন বৰুৱাই । সুধাকণ্ঠৰ গীত, জীৱন আৰু কৰ্ম সম্পর্কে ভাষণ আগবঢ়ায় দিলীপ কুমাৰ ভট্টাচার্য, দীপক কুমাৰ ভট্ট আৰু অভিজিৎ ভট্টাচার্যই । সভাত ড: ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে মৃদুলা ডেকা আৰু মীনাক্ষী ভূঞাই । সভাপতিৰ ভাষণত ৰাজীৱ কুমাৰ বৰাই প্ৰতিজন অসমীয়াই সুধাকণ্ঠক স্মৰণ কৰি কৃতজ্ঞতাবোধৰ পৰিচয় দিয়া উচিত বুলি কয় ।
- Log in to post comments
- 9 views