ডিব্ৰুগড়ত পিতৃক আক্ৰমণ কৰি আত্মহত্যা পুত্ৰৰ 

logo_

নিজ পিতৃক আক্ৰমণ কৰি অৱশেষত পুত্ৰয়ো আত্মহত্যা কৰাৰ এক ঘটনাই আজি চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড়ৰ শান্তিপাড়া বাসবাড়িত৷ জানিব পৰা মতে ডিব্ৰুগড়ৰ শান্তিপাড়া নিবাসী হীৰালাল দাসৰ পুত্ৰ বাবা দাস ওৰফে ভাইটিয়ে নিজ পিতৃ হীৰালাল দাসক চোকা অস্ত্ৰৰে পেটত আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে৷

উক্ত কাণ্ড সংঘটিত কৰিয়েই মানসিক ভাৰসাম্য হেৰুৱাই পুত্ৰ বাবাই নিজ গৃহৰ কোঠত সোমাই ফেনত উলমি আত্মহত্যা কৰে। উক্ত ঘটনাই সমগ্ৰ ডিব্ৰুগড় জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে কোনো পৰিবাৰিক কাৰণত পিতা-পুত্ৰৰ মাজত আজি দীৰ্ঘদিন ধৰি সংঘাট চলি আহিছিল৷ ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাস্হলিত উপস্থিত হৈ আত্মহত্যা কৰা বাবা উৰফে ভাইটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহত পিতৃক চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে৷

Your Comments