সাঁচিপাতিয়া শিল্পী হৰি নাৰায়ণ কোঁৱৰলৈ চৰকাৰী স্বীকৃতি

hari_kowar_batadraba

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সাঁচিপাতত থৈ যোৱা একক আৰু অপূৰ্ব সাঁচিপতীয়া শিল্প আজি হেৰাই যোৱাৰ উপক্ৰম ঘটিছে ৷ তেনে সময়তে গুৰুজনাৰ জনাস্থান দ্বিতীয় বৈকুণ্ঠ বটদ্ৰবাতে এই শিল্প কৰ্মবিধ পুনৰুজ্বীৱিত কৰাৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে ব্ৰতী হৈ আছে৷ গুৰুজনাৰ একান্ত সেৱক শিল্পী হৰি নাৰায়ণ কোঁৱৰ৷ এইগৰাকী প্ৰচাৰ বিমুখ শিল্পীলৈ চলিত বৰ্ষতে অসম চৰকাৰে আগবঢ়াইছে শিল্পী পেঞ্চন৷

উল্লেখ্য যে পৌৰাণিক পৰম্পৰা ৰক্ষা কৰি হেঙুল-হাইতাল সানি শিলিখা আৰু গোমুত্ৰৰে মহী প্ৰস্তুত কৰি বাঁহৰ জেঙৰ কলমেৰে সাঁচি গছৰ ছাল কাটি মহাপুৰুষ গুৰুজনাৰ অনবদ্য সৃষ্টি ‘গুণমালা’ পুথিখন একক প্ৰচেষ্টাৰে লিখি উলিয়াইছে হৰি নাৰাৰয়ণ কোঁৱৰে৷

kowar_batadraba

কেৱল গুণমালাই নহয় বৰ্তমানলৈকে তেখেতে নিজৰ কষ্টোপাৰ্জিত ধন ভাঙি গুৰুজনাৰ বিৰচিত ‘ৰুক্মিণী হৰণ’, গজেন্দ্ৰ উপাখ্যানকে প্ৰমুখ্য কৰি কেইবাখনো পুথি সাঁচিপাতত লিখি গুৰুজনাই তৈয়াৰ কৰা কাঠৰ বাকচ সদৃশ এক বাকচ নিজে তৈয়াৰ কৰি নিজ হাতে লিখা সাঁচিপতীয়া পুথিসমূহ বাসগৃহতে সংৰক্ষণ কৰিছে এইগৰাকী শিল্পীয়ে৷

বটদ্ৰবাৰ শ্ৰীশ্ৰীশংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিয়েই হৰি নাৰায়ণ কোঁৱৰে সম্পূৰ্ণভাৱে পৌৰাণিক পদ্ধতিৰে সাঁচিপাতত লিখা আৰু এইসমূহ সংৰক্ষণ কৰাৰ কামত ব্ৰতী হৈ ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ কেন্দ্ৰীয় বিশ্বিবদ্যালয়, শ্ৰীমন্ত্ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ লগতে অন্য চৰকাৰী বেচৰকাৰী অনুষ্ঠানৰ আমন্ত্ৰণ গ্ৰহণ কৰি কোঁৱৰে গৱেষক ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে৷

গুৰুজনাৰ বিৰচিত অংকীয়া ভাওনাসমূহত ‘নাৰদ’ৰ ভাও দি ইতিমধ্যেই সমাদৃত এই গৰাকী ব্যক্তিক শিল্পী পেঞ্চনৰ যোগেদি চৰকাৰীভাৱে আগবঢ়োৱা স্বীকৃতি তথা সন্মানৰ বাবে সমগ্ৰ বটদ্ৰবাবাসী আনন্দিত হোৱাৰ লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে৷

Your Comments