কেৰেলাৰ বানপানীত আবদ্ধ মঙলদৈৰ মহিলাক উদ্ধাৰৰ অনুৰোধ যুৱ-ছাত্ৰৰ 

কেৰেলাৰ সংহাৰী বানত দৰঙৰ পূব মঙলদৈ অঞ্চলৰ দুগৰাকী মহিলা আবদ্ধ হৈ আছে ৷ মহিলা দুগৰাকীক উদ্ধাৰৰ বাবে চৰকাৰ, জিলা প্ৰসাশনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূব মঙলদৈ আঞ্চলিক সমিতিয়ে।

পূব মঙলদৈ অঞ্চলৰ মেনাপাৰা গাওঁৰ ৰেণু ডেকা আৰু মুদৈবড়ীৰ মিনাৱতী বড়ো নাথ নামৰ মহিলা দুগৰাকী কেৰেলাৰ এই সংহাৰী বানৰ কবলত পৰি আবদ্ধ হৈ আছে।

মহিলা দুগৰাকীৰ এই খবৰে ভুক্তভোগী পৰিয়াল দুটিক চিন্তিত কৰি তুলিছে । এইক্ষেত্ৰত আজি যুৱ ছাত্ৰ পৰিষদৰ মঙলদৈ আঞ্চলিক সমিতিয়ে মহিলা দুগৰাকীক উদ্ধাৰৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দৰং জিলাৰ উপায়ুক্তক এক স্মাৰক-পত্ৰ যোগে অনুৰোধ জনাইছে ৷

Your Comments