তামুলপুৰত ব্যৱসায়ীৰ ঘৰত চাঞ্চল্যকৰ ডকাইতি 

tmulpur_baska_death

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনস্ত উপৰচৰীয়াত নিশা চাঞ্চল্যকৰ ডকাইতি ঘটনা সংঘটিত হৈছে ৷ জানিব পৰাতে উপৰচৰীয়া গাঁওৰ সম্বৰু বড়ো ( ৪০) নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত দুজন অচিনাক্ত দুৰ্বৃত্তই হাতত পিষ্টল লৈ প্ৰৱেশ কৰি প্ৰায় ডেৰলাখ টকা দাবী কৰি কৰে ৷ 

সেই মতে ব্যৱসায়ী জনৰ পৰা প্ৰায় ডেৰলাখ টকা লুট কৰি নিয়াৰৰ লগতে ব্যৱসাযী জনৰ চুপাৰ স্পেলন্ডাৰ নং As-25 D 0229 বাইক এখন লৈ উধাও হয় দুৰ্বৃত্ত ৷ নিশা এই ঘটনা সংঘটিত হোৱাৰ পিছতে ব্যৱসায়ী সম্বৰু বড়োৰ ৰহস্য জনক ভাৱে মৃত্যুক আকোৱালি লোৱাত পুৱতি নিশা এই ঘটনাক লৈ ঘৰ খনত হুৱাদুৱা লাগে ৷ ঘৰ খনত কন্দা-কটা আৰম্ভ হোৱাত ওচৰ চুবুৰীয়াই গম পাই ওলাই আহি আৰক্ষীক খৱৰ দিয়ে৷

ইপিনে তামুলপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকী ঘটনাথলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু আৰক্ষীয়ে সম্বৰু বড়োৰ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰন ৰৰে৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ তদন্তৰ শেষতহে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ’ব ৷ ৰাইজে দুৰ্বত্তৰ দলটোক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে ৷ সম্প্ৰতি তামুলপুৰ মহকুমাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ।
 

Your Comments