দোষীক শাস্তিৰ দাবীত সৰৱ লখিমপুৰবাসী

lakhimpur_narayanpur_asssam

লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী তথা নাৰায়ণপুৰৰ ৰাজগড়ৰ দ-জানৰ এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্রীৰ মৃতদেহ কাষৰীয়া অৰুণাচল প্ৰদেশৰ দ-জান আঞ্চলিক বনবিজ্ঞান কেন্দ্ৰৰ চৌহদত ভিতৰত যোৱা কালি পুৱা ৭ বজাত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হয়৷ ঘটনাটো কেন্দ্ৰ কৰি আজি সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে ৷

পুৱাই অঞ্চলটোৰ পুৰুষ-মহিলা সকল গৃহৰ পৰা উলাই আহি লম্পট ধৰ্ষণকাৰীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ দাবীত দ-জানৰ শিৱ মন্দিৰৰ সন্মুখত এক প্ৰতিবাদী সভাৰ আয়োজন কৰে ৷ এই খবৰ লখিমপুৰ আৰু অৰুণাচলৰ পাপুমপাৰে জিলা প্ৰশাসনে লাভ কৰাৰ লগে লগে দুয়োখন জিলাৰ উচ্চ প্ৰদস্থ বিষয়া সকল সীমান্তৱৰ্তী অঞ্চলটোত উপস্থিত হৈ সম্ভাব্য অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰিবৰ বাবে তৎপৰ হৈ পৰে ৷

অৱশ্যে দ-জানত উপস্থিত হোৱা শ শ পুৰুষ-মহিলাই শান্তিপূৰ্ণ এক পৰিবেশ সৃষ্টি কৰি সভাখনি অনুষ্ঠিত কৰে ৷ শিক্ষক কুশ দত্তৰ অধ্যক্ষতাত অনুষ্ঠিত আৰু সমাজ সেৱক মনেশ্বৰ দাসে আঁত ধৰা সভাখনত বৰ্ণালী হাজৰিকা,কেশৱ বৰপাত্র,মণিকা দাস,মিত্র শৰ্মা, ৰাধিকা ৰায়, নোমল দাস,অমিয়া বৰুৱাকে ধৰি বহু কেইগৰাকী বক্তাই দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী জনায়৷ লগতে দ্ৰোপাংৰে পৰা চেঁচা ৰাজগড়লৈ সীমান্তৱৰ্তী ৰাজগড় পথৰ দুয়োকাষৰ ঘন জংঘল সমূহ কাটি চাফা কৰাৰ দাবী জনায় ৷

বিদ্যালয়লৈ ছাত্র-ছাত্রী অহা যোৱা কৰা সময়ত পথত আৰক্ষী নিয়োগ কৰিবলৈকো সভাই দুয়োখন জিলাৰ প্ৰশাসনক আহ্বান জনায় ৷ ইফালে প্ৰতিবাদী সভাখনিত লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পি ৰংহাং,বিহপুৰীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগেশ দেৱ গোস্বামী,শিমলুগুৰি আৰক্ষী চকীৰ ভাৰপাপ্ত আৰক্ষী বিষয়া ৰুদ্ৰ সোণোৱাল, নাহৰলগুনৰ এছ ডি পি অ',বান্দৰদেৱা থানাৰ অ'চি উপস্থিত থাকি দোষীক কৰায়ত্ত কৰিবৰ বাবে সীমান্তৰ দুয়োখন জিলাৰ জনসাধাৰণক আৰক্ষীক সহযোগ কৰিবৰ বাবে আহ্বান জনোৱাৰ লগতে যিকোনো প্ৰকাৰে দোষীক সাৰি যাবলৈ দিয়া নহব বুলি ৰাইজক অৱগত কৰে ৷

কালি মৃতদেহ উদ্ধাৰ হোৱা কনমানি জনীৰ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনাৰে সভাখনি আৰম্ভ কৰা হয় ৷ নিষ্পাপ শিশুটিৰ হত্যাকাণ্ডই নাৰায়ণপুৰৰ সকলো বিদ্যালয়তে শোকৰ ছাঁ পেলাইছে ৷ কনমানি গৰাকীয়ে অধ্যয়নৰত চুনজুলী মধ্য ইংৰাজী বিদ্যালয়ত আজি শিক্ষক,ছাত্র-ছাত্রী সকলে ক’লা পতাকা উত্তোলন কৰি শোক প্ৰকাশ কৰি ছাত্রী গৰাকীৰ আত্মাৰ সদগতি কামনাৰে বিদ্যালয়ৰ পৰা ছাত্রী গৰাকীৰ গৃহলৈ এক মৌন সমদল বাহিৰ কৰে ৷

ছাত্র-ছাত্রী সকলেও উক্ত ঘটনাৰ তীব্ৰ ভাৱে নিন্দা কৰাৰ লগতে হত্যাকাণ্ডৰ লগত জড়িত নৰ পিশাচক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৷ ইফালে নাৰায়ণপুৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি মুনীন ভূঞা আৰু সম্পাদক অজয় গগৈয়ে এই ঘটনাক তীব্ৰ গৰিহণা দিছে ৷ সন্মিলনীৰ অন্তৰ্গত সমূহ বিদ্যালয়ত আজি শোক প্ৰকাশ কৰি দুপৰীয়া ১২ বজাৰ পিছত সকলো বিদ্যালয়ত পাঠদান স্থগিত ৰখা হয় ৷

সেইদৰে নাৰায়ণপুৰ শিক্ষাখণ্ডৰ মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সন্দৰ্ভত গুণ বৰা,সম্পাদক যোগেশ্বৰ নেওগ,সংস্থাৰ জিলা উপ-সভাপতি ৰঞ্জিত বৰুৱা, ধলপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সম্পাদক নিৰন চন্দ্ৰ গগৈ,নাৰায়ণপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ সহকাৰী কাৰ্যালয় সহায়ক দুলু পাৱেকে ধৰি অঞ্চলটোৰ দল সংগঠন সমূহেও উক্ত ঘটনাক গৰিহণা দিয়াৰ লগতে কনমানি জনীৰ আত্মাৰ সদগতি কামনা কৰিছে ৷

Your Comments