ডিব্ৰুগড়ত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু

ডিব্ৰুগড়ত নিৰ্মীয়মান বাসগৃহত কৰ্মৰত অৱস্থাত এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । কাৰ্তিক গন্দক কৰ্মকাৰ নামৰ এজন ৰাজমিষ্ট্ৰীৰ বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হয়। ডিব্ৰুগড় শান্তিপাড়া ছুইপাৰ কলনিত সংঘটিত হয় এই শোকৱহ ঘটনা । পুজনীয়া বাছফৰ নামৰ ব্যক্তিজনৰ এটা বিল্ডিঙৰ কংক্ৰিতৰ কাম কৰি থকা অৱস্থাত বৈদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় কাৰ্তিক গন্দক কৰ্মকাৰ নামৰ ৰাজমিষ্ট্ৰীজনৰ।


এটি কণমানি সন্তান আৰু পত্নীৰ সৈতে শান্তিপাড়াত থকা কাৰ্তিকৰ মৃত্যুত অঞ্চলবাসী শোকত ম্ৰিয়মান হৈ পৰিছে।স্বত্বাধিকাৰীৰ ভুলৰ বাবেই সংঘটিত হোৱা ঘটনাটোক লৈ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।
 

Your Comments