পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড°প্ৰভাত চন্দ্ৰ কলিতাক বিদায় সম্বাৰ্ধনা

barigog

নৰেন শৰ্মা,বাহাৰঘাট :

মহাবিদ্যালয়খনত মই বহুত কাম কৰিলো আৰু বহুত কৰিবলগীয়া আছিল৷এদিন মই পৰিয়ালক ফাকী দি এই মহাবিদ্যালয়ত অধ্যক্ষ হিচাবে কামত যোগদান কৰিছিলোঁ৷কাৰন পশ্চিম বড়িগোগৰ নিচিনা এটি অনগ্ৰসৰ অঞ্চলৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুস্থান হিচাবে উক্ত মহাবিদ্যালয়খনক জাকত জিলিকা কৰাৰ সপোন মোৰ হৃদয়ত আছিল৷যিহেতু মোৰ জন্ম ইয়াতে, ইয়াত মোৰ পিতৃ পুৰ্বপুৰুষৰ স্মৃতি এই স্থানতেই বিৰজিত হৈ আছে৷সেইবাবে মই লোভনীয় চৰকাৰী চাকৰিকো ইস্তাফা দি উক্ত অমঞ্জুৰিকৃত মহাবিদ্যালয় খনত যোগদান কৰিছিলোঁ-এই মন্তব্য পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ বৃহস্পতিবাৰে অৱসৰ গ্ৰহন কৰা অধ্যক্ষ ড°প্ৰভাত চন্দ্ৰ কলিতাৰ৷আজি অৱসৰৰ দিনাই মহাবিদ্যালয়ৰ পৰিচালনা সমিতি,শিক্ষক কৰ্মচাৰী আৰু একাংশ প্ৰাক্তন ছাত্ৰছাত্ৰী তথা বৰ্তমানৰ ছাত্ৰছাত্ৰীৰ সহযোগত পৰিচালনা সমিতিৰ সভাপতি মুকুল কলিতাৰ সভাপতিত্বত মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুস্থিত হোৱা বিদায় সভাখনত কলিতাই পুনৰ কয় যে মহাবিদ্যালয় এখনক আটোমটোকাৰীকৈ সজাই পৰাই টোলাটো কিমান কষ্টকৰ তাক মোৰ একাংশ সহযোগীয়ে ভালদৰে উপলব্ধি কৰিছে৷

তেওঁ কয় যে এই মহাবিদ্যালয়ত মোৰ প্ৰাণ আছে৷মোক আপোনালোকে যেতিয়াই বিছাৰে তেতিয়াই পাব৷সভাত সদ্য অৱসৰি অধ্যক্ষ গৰাকীৰ পত্নী তথা পঃবঃআঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা বিমলা ডেকাকে ধৰি কেইবাজনো গুনমুগ্ধই কলিতাৰ কৰ্মময় জীৱনৰ আলোকপাত কৰে৷ উক্ত সভাত কলিতাক মানপত্ৰ,গামোছা,ফুলৰ ঠোপা,শৰাই আদিৰে সম্বৰ্ধনা জনোৱা হয়৷আনহাতে সভাতে মহাবিদ্যালয় ইতিহাস বিভাগ আৰু বৈল্লাপেৰা গোষ্ঠীৰ তৰফৰ পৰাও বিদায়ী অধ্যক্ষ গৰাকীক বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে বৈল্লাপেৰা গোষ্ঠীয়ে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাবে দায়িত্ব লোৱা ড°ৰাতুল চন্দ্ৰ শৰ্মাকো গামোছা আৰু কলমৰে আদৰণি জনায়৷উল্লেখযোগ্য যে সদ্য অৱসৰি অধ্যক্ষ কলিতাই উক্ত মহাবিদ্যালয়ত বিগত ২০০৫ চনৰ পাচ আগষ্টত অধ্যক্ষ হিচাবে কৰ্মত যোগদান কৰিছিল৷

Your Comments