নৰেন শৰ্মা,বাহাৰঘাট :
নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত নাৰী শিক্ষাৰ বাটকটীয়া সানেকুছিস্থিত পশ্চিম বড়িগোগ অম্বাপ্ৰিয়া চৌধুৰী ছোৱালী হাইস্কুলৰ বাৰ্ষিক বঁটা বিতৰণী সভাখন বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভূপেন লহকৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি পশ্চিম বড়িগোগ অম্বাপ্ৰিয়া চৌধুৰী ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীনেশ লহকৰে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্য কৰি কয় যে অকল বঁটাৰ পোৱাৰ বাবেই খেল-ধেমালিত যোগদান কৰাটো উচিত নহয়। যোগদান কৰাটোও এটা সাহস আৰু খেল-ধেমালিয়ে মানুহৰ শৰীৰ মন সুস্থ কৰি ৰাখে। সভাত সমজুৱাৰ বক্তব্য প্ৰদান কৰি মুনীন বেজে বৰ্তমান চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত লোৱা বিভিন্ন সা-সুবিধাৰ বিষয়ে কয়। সভাৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক গিৰীন্দ্ৰ দেৱ শৰ্মাই। ছাত্ৰী একতা সভাৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে একতা সভাৰ সম্পাদিকা শ্ৰেয়া গাৰ্গে। প্ৰধান শিক্ষকৰ প্ৰতিবেদন পাঠ কৰে অচ্যুত শৰ্মাই।
সভাত চয়নিকা লহকৰ, বিপাসা লহকৰ, নিশা দেৱীয়ে গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আনন্দ দিয়ে।সভাৰ অন্তত কৃতী ছাত্ৰী আৰু বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক বঁটা প্ৰদান কৰা হয়।
- Log in to post comments
- 14 views