স্বামী-শাহুৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল চেঙাৰ নিৰ্যাতিতা মহিলা 

barpeta_assam

ৰাজ্যখনত নাৰীজনিত অপৰাধ বৃদ্ধি পাই অহাৰ সময়তে আন এক নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে বৰপেটাৰ চেঙাত । যৌতুকৰ বাবে স্বামীয়ে শাহুৱেকৰ সহযোগত হত্যা কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ তুলিছে পত্নীয়ে । বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেঙা মুছলমান গাঁৱত সংঘটিত হৈছে এই ঘটনা।

ঘটনাৰ বিৱৰণী মতে, দেওবাৰে আবেলি চেঙা মুছলমান গাঁৱৰ অভিযুক্ত স্বামী মজনুৰ আলীয়ে পত্নীক পিতৃগৃহৰ পৰা পঞ্চাশ হাজাৰ টকা আনি দিবলৈ ধমকি দিয়ে ।দৰিদ্ৰ পিতৃৰ পৰা পত্নীয়ে টকা আনিবলৈ অস্বীকাৰ কৰাত স্বামীয়ে শাহুৱেকৰ সহযোগত পত্নীক হত্যাৰ চেষ্টা কৰে বুলি পত্নীগৰাকীয়ে তাৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

barpeta_assam

দুটি পানী কেঁচুৱাৰ মাতৃ নাৰ্জিমা বেগমক স্বামী আৰু শাহুৱেকে অমানুষিক অত্যাচাৰ চলোৱাত সৰ্বশৰীৰত জখম হয়। শাহুৱেক চছিলা বেগমে বোৱাৰীয়েকৰ ডিঙিত গামোচাৰে ফাচ লগাই দিয়াৰ পিছত স্বামীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰে বুলি মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে । অভিযুক্ত স্বামী মজনুৰ আলী ১০৮ এম্বুলেঞ্চেৰ চালক হিচাপে কৰ্মৰত বুলি জানিব পৰা গৈছে । পাঁচ বছৰ পূৰ্বে বিয়া হৈছিল যদিও বিয়াৰ পিছৰে পৰাই যৌতুকজনিত কাৰণত  এতিয়ালৈ পাঁচ বাৰ স্বামী গৃহৰ পৰা আক্ৰমণৰ বলি হ'ল মহিলাগৰাকী ।

অভিযুক্ত মজনুৰ আলীক বিচাৰি তাৰাবাৰী আৰক্ষীয়ে অভিযান চলাইছে যদিও বাতৰি লিখা পৰলৈ মজনুৰ আলীক আটক কৰিব পৰা নাই । নাৰী নিৰ্যাতনৰ দৰে জঘন্য ঘটনাক সচেতন মহলে একেমুখে ধিক্কাৰ দিছে আৰু দোষীক উপযুক্ত শাস্তি বিহিবলৈ দাবী জনাইছে ।

Your Comments