মেধাৱী যুৱকৰ মৃত্যুত শোকস্তব্ধ বৰপেটা 

changa_assam

বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ সৰবৰহী যুৱক মনজিৎ কুমাৰ ডেকা(৪১)ৰ আকস্মিক মৃত্যুত আমৃখোৱাৰ লগতে সৰ্থেবাৰী অঞ্চলত শোকৰ ছাঁ পৰিছে । আমৃখোৱা নিবাসী ভূমিধৰ ডেকাৰ দ্বিতীয় পুত্ৰ মনজিত কুমাৰ ডেকাই স্থানীয় বাপুজী  মহাবিদ্যালয়ত পঢ়াৰ লগতে কটন মহাবিদ্যালয় আৰু দিল্লীত  উচ্চ শিক্ষা গ্ৰহণ কৰি পিছলৈ বাঁহৰ পৰা ধুপকাঠি তৈয়াৰ কৰি স্বাৱলম্বিতাৰ  নিদৰ্শন দাঙি ধৰিছিল ।

১৯৭৭ চনত জন্ম গ্ৰহণ কৰা  মৃদুভাষী আৰু নম্ৰ প্ৰকৃতিৰ যুৱক মনজিতে সততে সৃষ্টিশীল মন এটা লৈ ডেকা শক্তিক সঠিক পথৰ সন্ধান দিবলৈ সততে ব্যস্ত আছিল। কিছু দিনৰ তেওঁ পৰা জণ্ডিচ ৰোগত আক্ৰান্ত হৈ আছিল । অৱশেষত জীৱন যুঁজত হাৰ মানি সকলোকে কন্দুৱাই মনজিত কুমাৰ ডেকাই পৰলোকলৈ গমন কৰে । পিতৃ-মাতৃ, ভাতৃ আৰু পত্নীৰ লগতে বহু আত্মীয় কুটুম্বক এৰি যোৱা মনজিত কুমাৰ ডেকাৰ আকস্মিক মৃত্যুত বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে ।

Your Comments