তামুলপুৰত পুনৰ হাতীৰ আক্ৰমণত নিহত এজন

tamulpur_elephant

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিত ‘লাডেন’ৰ সন্ত্ৰাস অব্যাহত আছে । ২৪ ঘণ্টা নৌহওঁতেই পুনৰ এজন লোক নিহত হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ মতে পুৱা ৫ বজাত নাগ্ৰীজুলিৰ কুম্ভীঝাৰ গাঁওৰ শম্ভূ বড়োক ‘লাডেন’ নামৰ হাতীটোৱে আক্ৰমণ কৰাৰ ফলত তেওঁ নিহত হয়। কালি দিনৰ ১২.৩০ বজাত নাগ্ৰীজুলি চাহ বাগিচাত ‘লডেন’ৰ আক্ৰমণত নিহত হৈছিল ৰঘু মুণ্ডা ওৰফে অজয় মুণ্ডা ।

উল্লেখ যে ভাৰত-ভূটান সীমান্তত হোৱা অবাধ বনাঞ্চল ধংসযজ্ঞৰ ফলত তীব্ৰ খাদ্য সংকটত ভোগা বনৰীয়া হাতীৰ বৃহৎ জাকে বিগত কেইবাবছৰ ধৰি বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত উপদ্ৰৱ চলাই অহাৰ উপৰিও বহু নিৰীহ লোকক হত্যা কৰিছে। হাতী মানুহৰ মাজত হোৱা সংঘাতৰ ফলত বহু কেইটা বনৰীয়া হাতীৰো মৃত্যু ঘটিছে । খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বৃহৎ বনৰীয়া হাতীৰ জাক এটাই দিনৰ ভাগত নাগ্রীজুলি চাহ বাগিচাত আশ্ৰয় লৈ থাকি  নিশা কেইবাটাও সৰু সৰু ভাগত বিভক্ত হৈ সন্ত্ৰাস সৃষ্টি কৰি আহিছে ।

সন্ধিয়া হ’লে কোন মুহূৰ্তত বনৰীয়া হাতীৰ জাক ক’ত সোমাই অতৰ্কিতে আক্ৰমণ চলায় তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে ৷ আতংকিত ৰাইজে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগৰ লোকক দাবী জনাই আহিছিল যদিও আজিলৈ কোনো ব্যাৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে ।
 

Your Comments