শুৱালকুছিত ব্ৰহ্মপুত্ৰৰ বুকুৰে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়:গভীৰ নিদ্ৰাত বন বিভাগ আৰু নদী আৰক্ষী

Pic

শুৱালকুছিৰ পৰা মৃণাল ডেকা:

শুৱালকুছিত অব্যাহত আছে  চোৰাং কাঠৰ  ৰমৰমীয়া ব্যৱসায়।যন্ত্ৰচালিত নাৱেৰে ব্ৰহ্মপুত্ৰ নৈৰ বুকুৰে আহি শুৱালকুছিৰ বিভিন্ন ঘাটত প্ৰথমে জমা কৰে আৰু তাৰ পিচত  টাটা বলেৰ’ গাড়ী তথা ট্ৰেক্টৰৰ জৰিয়তে বিভিন্ন স্থানলৈ প্ৰেৰণ কৰে এই সমূহ চোৰাংকৈ অনা  বিভিন্ন মূল্যৱান গছৰ কুণ্ডাসমূহ।ব্ৰহ্মপুত্ৰৰ মাজত থকা বিভিন্ন চৰৰ পৰা এই মূল্যৱান গছৰ কুণ্ডাসমূহ চোৰাংকৈ নিশাৰ ভাগত বিভিন্ন স্থানলৈ সৰবৰাহ হৈয়ে থাকে।এতিয়া দিনৰ পোহৰতো মুকলিভাৱেই চোৰাং ব্যৱসায়ীয়ে মুল্যৱান বিভিন্ন গছৰ কুণ্ডাসমূহ সৰবৰাহ কৰা দৃশ্য সুলভ হৈ পৰিছে।একাংশ বন বিষয়া আৰু চোৰাং ব্যৱসায়ীৰ  মিতিৰালিৰ বাবেই  চলি আছে চোৰাং বনজ সম্পদৰ এই ৰমৰমীয়া ব্যৱসায়। হাজো বন বিভাগৰ একাংশ বিষয়াৰ লগতে শুৱালকুছি নদী আৰক্ষীক মেনেজ কৰি মুকলিকৈ এনেদৰে চোৰাং ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ উঠিছে।জিলা প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই নদী আৰক্ষী আৰু হাজো বন বিভাগৰ একাংশ বিষয়াই নিজৰ পকেট গৰম কৰি এইসকল চোৰাং ব্যৱসায়ীক ৰঙা দলিচা পাৰি দিয়াৰ অভিযোগো উঠিছে।

Pic

দৈনিক এনেকৈ ব্ৰহ্মপুত্ৰ নৈৰ বুকুৰে বিভিন্ন স্থানলৈ মুল্যৱান গছৰ কুণ্ডা সৰবৰাহৰ খবৰ দুমাহ পূৰ্বে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিচত নাটকীয়ভাৱে  হাজো বনবিভাগে কামৰূপৰ বামুন্দীত কিছু পৰিমাণৰ গছৰ কুণ্ডা জব্দ কৰিছিল । জব্দ কৰাৰ পিচত দুদিনমান সৰবৰাহ বন্ধ হৈছিল যদিও পুনৰ এইসকল চোৰাং ব্যৱসায়ী  নামি পৰিছে মুল্যৱান চোৰাং কাঠ তথা গছৰ কুণ্ডাৰ অবৈধ সৰবৰাহত।যোৱা ২৭ অক্টোবৰৰ দিনৰ ভাগতে  ব্ৰহ্মপুত্ৰৰ কেইবাটাও চৰৰ পৰা যন্ত্ৰচালিত নাৱেৰে শুৱালকুছি ৰাজগড়ত এটা নিৰ্দিষ্ট স্থানত জমা ৰাখি টাটা ডিআই গাড়ীৰে নিৰ্দিষ্ট স্থানলৈ সৰবৰাহ কৰা বহুকেইখন গাড়ী স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে যদিও উক্ত স্থানত বন বিভাগৰ লোক উপস্থিত নোহোৱাত প্ৰমাণ কৰে যে একাংশ বন বিভাগৰ লোকৰ সহযোগিতাৰ বাবে এনেদৰে মুকলিকৈ চোৰাং গছৰ সৰবৰাহ চলি আছে । সেয়েহে সংশ্লিষ্ট বিভাগ আৰু জিলা প্ৰশাসনক এইসকল বিভাগীয় কৰ্মচাৰীৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নৈৰ বুকুৰে চলি থকা কাঠৰ অবৈধ চোৰাং সৰবৰাহ বন্ধ কৰিবলৈ দাবী জনাইছে শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে সচেতন মহলে । 
 

Your Comments