সদৌ অসম বৌদ্ধ মহাসভাৰ ত্ৰিবাৰ্ষিক অধিৱেশনৰ লাইখুঁঁটা স্থাপন

Pic

সোণাৰিৰ পৰা ঘন বৰা:

সদৌ অসম ভিক্ষু সংঘ, অসম- অৰুণাচল প্ৰদেশৰ থেৰবাদী বৌদ্ধ সংস্থা, সদৌ অসম বৌদ্ধ মহাসভা আৰু অসম তথা অৰুণাচল প্ৰদেশৰ সমূহ বৌদ্ধ ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাৰে অসমৰ বৌদ্ধ সমাজৰ এগৰাকী পুৰুধা ব্যক্তি, প্ৰবাদপ্ৰতীম পুৰুষ কৰ্মবীৰ নন্দবংশ মহাস্থবিৰৰ আগন্তুক ৪৫ সংখ্যক মৃত্যু বাৰ্ষিকীৰ লগতে অসম-অৰুণাচল প্ৰদেশৰ তথা অন্যান্য ঠাইৰ বহুকেইগৰাকী প্ৰয়াত বৌদ্ধ ভিক্ষুৰ স্মৃতিচাৰণ অনুষ্ঠান চৰাইদেউ জিলাৰ দিচাংপানীত আয়োজন কৰা হৈছে। সদৌ অসম বৌদ্ধ মহাসভাৰ এগৰাকী মূল প্ৰতিষ্ঠাতা নন্দবংশ মহাস্থবিৰৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি বৌদ্ধ মহাসভাৰ ৭৬ সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনৰ উপৰিও এখন বৌদ্ধ জনগোষ্ঠীয় বাৰেৰহনীয়া সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰাৰো প্ৰস্তুতি চলাইছে আয়োজকসকলে।

Pic

অহা ১১ আৰু ১২ নৱেম্বৰত চৰাইদেউ জিলাৰ দিচাংপানী বৌদ্ধ বিহাৰ আৰু সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাংগনত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীৰ বাবে সোমবাৰে বৌদ্ধ ধৰ্মীয় পৰম্পৰাৰে লাইখুঁঁটা স্থাপন কৰা হয়।এই অনুষ্ঠানৰ মুকলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিন সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।অসম চৰকাৰৰ বিত্ত তথা স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মাহমৰাৰ বিধায়ক যোগেন মহনৰ লগতে বহুকেইজন খ্যাতনামা ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

Pic

Your Comments