ডবকাৰ প্ৰতিবেদক:
অসম সাহিত্য সভাৰ অন্তৰ্গত নীলবাগান শাখা সাহিত্য সভাৰ জৰিয়তে অসম সাহিত্য সভাৰ অনুষ্ঠান 'কুঁহি' যোৱা ২৭ অক্টোবৰত নীলবাগানস্থিত অসম জুনিয়ৰ কলেজত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷পুৱাৰ ভাগত বৃহত্তৰ নীলবাগান অঞ্চলৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতা, কবিতা আবৃত্তি, ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ গীত-মাতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ দিনৰ ১ বজাত মৌলানা মছদ্দৰ আলী বিদ্যাপীঠৰ শৈক্ষিক প্ৰধান ৰফিক উদ্দিন বৰভূঞাৰ পৌৰোহিত্যত এখন সভা অনুষ্ঠিত কৰা হয় ৷ সভাত বক্তাসকলে নীলবাগান সাহিত্য সভাৰ সাহিত্য সম্পৰ্কীয় বিভিন্ন কাম-কাজৰ শলাগ লয় ৷ কুঁহি অনুষ্ঠানত অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে নীলবাগান আদৰ্শ বিদ্যা নিকেতনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ইবতিয়াজ আফৰিন, দ্বিতীয় স্থান দখল কৰে একেখন বিদ্যালয়ৰ আকছা মেহৰিন,তৃতীয় স্থান দখল কৰে বিউটি চুহানী,আফৰিনা ফৌজিয়া আহমেদ, ফিৰোজা আফৰিদে।একেদৰে কবিতা আবৃত্তিত প্ৰথম স্থান দখল কৰে আফৰিনা ফৌজিয়াই, দ্বিতীয় স্থান দখল কৰে তৰন্নমু ৰছুল আৰু তৃতীয় স্থান দখল কৰে মেহফুজ কৌছৰ বৰভূঞাই ৷ড:ভূপেন হাজৰিকাৰ স্মৃতিত অনুষ্ঠিত গীত প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰে ক্ৰমে তৰন্নুম ৰছুল আৰু মেহফুজ কৌছৰে৷প্ৰতিগৰাকী সফল ছাত্ৰ-ছাত্ৰীক মানপত্ৰ, কিতাপৰ টোপোলা, নগদ ধন আগবঢ়ায় ৷ এক প্ৰেছ বিবৃতিত এই কথা সদৰি কৰে নীলবাগান সাহিত্য সভাৰ সম্পাদক আইনুল হক চৌধুৰীয়ে ৷
- Log in to post comments
- 15 views