পাষাণ স্বামীৰ আক্ৰমণৰ বলি হ'ল এগৰাকী পত্নী

nagaon_assam

পুনৰ পাষাণ স্বামীৰ আক্ৰমণৰ বলি হ'ল এগৰাকী পত্নী ৷ স্বামী গৃহলৈ যাবলৈ অমান্তি হওঁতেই ব্লেডৰে ডিঙি ৰেপি দিলে পত্নীৰ ৷ বাধা দিবলৈ যোৱা শাহুৱেককো পেটত ব্লেডেৰে আক্ৰমণ কৰে জোঁৱায়েকে ৷ ঘটনাটো সংঘটিত হৈছে নগাঁৱৰ ৰাঙলু সূতাৰ গাঁৱত ৷ জানিব পৰা মতে, ৰাঙলু সূতাৰ গাঁৱৰ ৰুকচানা বেগম নামৰ মহিলাগৰাকী হোজাই নীলবাগানৰ আব্দুল চুকুৰ নামৰ লোকজনৰ সৈতে কেইবছৰমান পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ৷ বিবাহৰ পাছৰ পৰাই আব্দুল চুকুৰে পত্নী ৰুকচানাক নানা ধৰণৰ শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল ৷

স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তিনিদিন পূৰ্বে ৰুকচানা ৰাঙলুৰ মাতৃ গৃহলৈ গুচি আহে ৷ সোমবাৰে স্বামী আব্দুল চুকুৰে পত্নীক মাতৃ গৃহৰ পৰা নিবলৈ আহিছিল আৰু পত্নী পুনৰ স্বামী গৃহলৈ ঘূৰি নাযাওঁ বুলি কোৱাত পাষাণ স্বামীয়ে পত্নী ৰুকচানাক প্ৰথমে ডিঙিত ব্লেডেৰে আক্ৰমণ কৰে ৷ পাছত শাহুৱেক মজিনা বেগমে বাধা দিবলৈ যাওঁতে শাহুৱেককো ব্লেডেৰে পেটত আক্ৰমণ কৰে জোঁৱায়েকে ৷ পাছত দুই মাতৃ-জীয়ৰীক চিকিৎসালয়ত ভৰ্তি কৰাব লগা হয় ৷ ইতিমধ্যে আব্দুলৰ বিৰুদ্ধে ৰাঙলু আৰক্ষী চকীত এক গোচৰ ৰুজু কৰা হৈছে৷ 


 

Your Comments