জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন:
অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ প্ৰাক্তন সম্পাদিকা তথা বিশিষ্টা সমাজসেৱিকা, জামুগুৰিহাটৰ হাটীঙা নিৱাসী প্ৰয়াত দিপালী ৰাজখোৱাৰ দেওবাৰে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ হাটীঙা উচ্চ মাধ্যমিক বিদ্যালয়ত বিয়লি অনুষ্ঠিত স্মৃতিচাৰণ সভাখনিত সভাপতিত্ব কৰে বিশিষ্ট সমাজসেৱক ৰজনী শইকীয়াই ৷ স্মৃতিচাৰণ সভাত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই কয় যে দিপালী ৰাজখোৱা আছিল এগৰাকী উদ্যমী, সৎসাহসী মহিলা ৷ আশীৰ দশকতে গুৱাহাটী মহানগৰীত চিটী বাছ ক্ৰয় কৰি নিজে চিটি বাছ চলাই অসমীয়া নাৰীয়ে ইচ্ছা কৰিলে হাতে -কামে যে সকলো কৰিব পাৰে,তাৰ পৰিচয় দাঙি ধৰিছিল ৷ সেই সময়ত গুৱাহাটী মহানগৰীত চিটিবাছ চলাই ৰাইজৰ মাজত চমক সৃষ্টি কৰিছিল দিপালী ৰাজখোৱাই ৷ লক্ষীকান্ত বৰাই লগতে কয় দিপালী ৰাজখোৱাই সাংস্কৃতিক ক্ষেত্ৰখনতো জড়িত হৈ আছিল ৷ কেইবাখনো অসমীয়া ছলচিত্ৰ, চুটী ছবিত অভিনয়ৰে দৰ্শক ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৰাজখোৱা ৷ সভাত উপস্থিত আনজন বক্তা শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি আনোৱাৰ আহমেদে কয় যে দিপালী ৰাজখোৱা উঠি অহা নবীনচাম যুৱতীৰ বাৱে প্ৰেৰণাৰ উৎস ৷ দহজন পুৰুষে কৰিব নোৱাৰা কাম দিপালী ৰাজখোৱাই সমাজত কৰি দেখুৱাইছিল ৷ স্মৃতিচাৰণ সভাখনিত নদুৱাৰ প্ৰেছ ক্লাবৰ সভাপতি ফণীন্দ্ৰ বৰুৱাই কয় যে দিপালী ৰাজখোৱাক লৌহ মানৱী বুলিও আখ্যা দিছিল সমাজে ৷ এগৰাকী সুদক্ষ খেলুৱৈ দিপালী ৰাজখোৱা প্ৰত্যক্ষ ৰাজনীতিৰ সৈতেও জড়িত হৈ পৰিছিল ৷ কংগ্ৰেছ দলৰ সক্ৰিয় সদস্যা দিপালী ৰাজখোৱাই প্ৰদেশ মহিলা কংগ্ৰেছৰ সম্পাদিকা পদত অধিষ্ঠিত হোৱাৰ লগতে ৰাজনৈতিক ক্ষেত্ৰখনতো জনপ্ৰিয় হৈ পৰিছিল বুলি স্মৃতিচাৰণ কৰে ফণীন্দ্ৰ বৰুৱাই ৷ স্মৃতিচাৰণ সভাৰ লগত সংগতি ৰাখি হাটিঙা পাৰিজাত সংগীত-চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা চিত্ৰাঙ্কন প্ৰতিযোগিতাত স্থান লাভ কৰা তথা অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন বঁটা প্ৰদান কৰা হয় ৷ পাৰিজাত সংগীত চিত্ৰকলা বিদ্যালয়ৰ সভাপতি মৃদুল নাথে আঁত ধৰা অনুষ্ঠানটোত তথা সভাৰ আৰম্ভণিতে দিপালী ৰাজখোৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই পূৱ মূঢ়াদল গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি হলধৰ শইকীয়াৰ লগতে পাৰিজাত সংগীত চিত্ৰকলা বিদ্যালয়ৰ সম্পাদক জিতেন তালুকদাৰে ৷ স্মৃতিচাৰণ সভাত হাটীঙা অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে ১৯৬৩ চনৰ ১২ নৱেম্বৰত জন্মগ্ৰহণ কৰা দিপালী ৰাজখোৱাই ২০১৯ বৰ্ষৰ ১১ এপ্ৰিলত মৃত্যুবৰণ কৰে ৷
- Log in to post comments
- 24 views