নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদনঃ
নলবাৰী জিলাৰ বালিলেছা কালী মন্দিৰত দেওবাৰে দীপাৱলী আৰু কালী পূজাৰ শুভক্ষণত সভাগৃহৰ শুভ উদ্বোধন কৰা হয়। উক্ত সভাগৃহটোৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক অশোক শৰ্মাই। বালিলেছা কালী মন্দিৰ চৌদহত অৱস্থিত শ্ৰীশ্ৰী দুৰ্গা মন্দিৰৰ সভাগৃহটোৰ নলবাৰী জিলা পৰিষদৰ অনুদানেৰে ত্ৰয়োদশ বিত্তীয় আয়োগ, ২০১৩-১৪ আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰা হয় ।সভাগৃহৰ উদ্বোধনী অনুষ্ঠানত নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, অধ্যক্ষ নিতুল ডেকা, বিজেপি কৰ্মী প্ৰতুল কলিতাসহ ভালেসংখ্যক বিজেপিৰ নেতা-কৰ্মী আৰু বালিলেছা কালী মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি,সম্পাদক প্ৰমুখ্যে মন্দিৰ সমিতিৰ বিষয়ববীয়াৰ উপৰি অন্যান্য বহু লোক উপস্থিত থাকে।গৃহটোৰ উদ্বোধন কৰি বিধায়ক শৰ্মাই কয় যে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি হাতত লৈছে। পৰ্য্যায়ক্ৰমে বিভিন্ন ৰাজহুৱা উন্নয়ন হৈ আছে। বিজেপি নেতৃত্বাধীন চৰকাৰে দিনে-নিশাই ৰাইজৰ উন্নয়ন-বিকাশৰ বাবে কাম কৰি আছে।তাৰ পিচত বিধায়কগৰাকীয়ে সমূহ অসমবাসীলৈ দীপাৱলী আৰু কালী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি দীপান্বিতাৰ চাকিৰ পোহৰে সকলোৰে জীৱন উজলাই তোলাৰ কামনা কৰে ৷
- Log in to post comments
- 323 views