সোমবাৰৰপৰা টিকাকৰণৰ নতুন পর্বৰ আৰম্ভণিতেই প্রথম কৰ’না টিকা গ্ৰহণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। কিন্তু কোনটো ভেক্চিন প্ৰধানমন্ত্ৰী জনে গ্ৰহণ কৰিলে সেই তথ্য এতিয়াও জানিব পৰা হোৱা নাই। দীৰ্ঘদিন ধৰি সকলোৰে মনত প্রশ্ন আছিল নেতা-মন্ত্রীসকলে কেতিয়াৰপৰা ভেক্চিন লোৱা আৰম্ভ কৰিব? কেতিয়া কৰ’না টিকা ল’ব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে?
সোমবাৰে টুইট যোগে প্ৰধানমন্ত্ৰী মোদীয়ে জনাইছে, AIIMS ৰপৰা তেওঁ টিকা গ্রহন কৰিছে। ইয়াৰোপৰি তেওঁ সকলোকে টিকা লোৱাৰ পৰামর্শ দি ক’ভিড মুক্ত ভাৰত গঢ়াৰ আহ্বান জনাইছে ।
- Log in to post comments
- 11 views