এছবিআই-ৰ নতুন নিযুক্তি, সবিশেষ জানি লওক

Sbi

নিয়োগ বিজ্ঞপ্তি প্ৰকাশ কৰিছে এছবিআয়ে। মুঠ খালী পদৰ সংখ্যা ২২। অফিচাৰ পৰ্যায়ৰ হ’ব এই নতুন নিয়োগ সমূহ। মাহে সর্বোচ্চ বেতন ৩৫ হাজাৰ টকা হ’ব। আবেদনকাৰীৰ যোগ্যতা, বয়স, আবেদনৰ প্ৰক্ৰিয়া বিস্তাৰিত ভাৱে জানিব লওক -

Recruitment

বিজ্‌নেচ কৰেচপ’ণ্ডেন্ট ফেচিলিটেটৰ পদৰ বাবে হ’ব নিয়োগ । ২ বছৰৰ বাবে চুক্তিভিক্তিক এই নিয়োগ। নিয়োগ কৰা হ’ব অৱসাপ্রাপ্ত অফিচাৰসকলক।

ইচ্ছুক প্রার্থীসকলে ১০ মার্চৰ ভিতৰত আবেদন কৰিব লাগিব। মুঠ ২২টা খালী পদৰ ভিতৰত ৮টা আছে ডিব্রুগড়ত, ৫টা গুৱাহাটীত, ৪টা যোৰহাটত, ৩টা শ্বিলঙত আৰু শিলচৰত ২টা।

Sbi

বিজ্‌নেচ কৰেচপ’ণ্ডেন্ট ফেচিলিটেটৰ হিচাপে একোজন প্রার্থীয়ে ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব, বেঙ্কিঙৰ বিভিন্ন বিষয়ত গাইড কৰিব লাগিব, প্রশিক্ষণ দিব লাগিব, বিদেশৰ গ্রাহক পৰিসেৱাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ইত্যাদি।

এই পদৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰীৰ বয়স হ’ব লাগিব ৬০ ৰপৰা ৬৩ বছৰৰ ভিতৰত। এছবিআই আৰু অন্যান্য পাব্লিক ছেক্টৰৰ বেঙ্ক (PSB)-ৰ স্কেল ৱান ৰপৰা স্কেল ফাইভ পর্যন্ত অৱসৰপ্রাপ্ত অফিছাৰসকলে আবেদন কৰিব পাৰিব।

স্কেল ৱানৰপৰা স্কেল থ্রিৰ অৱসৰপ্রাপ্ত অফিছাৰসকলৰ ক্ষেত্রত বেতন হ’ব ৩০ হাজাৰ টকা আৰু ৬০০০ টকা TA(travel allowance) । আনহাতে, স্কেল ফ’ৰ ৰপৰা স্কেল ফাইভৰ অৱসৰপ্ৰাপ্ত অফিছাৰসকলৰ বেতন ৩৫ হাজাৰ টকা আৰু লগত থাকিব একেধৰণৰ ৬০০০ টকাৰ TA ।

Website

আবেদন কৰিবলৈ এছবিআইৰ অফিছিয়েল ৱেবচাইট www.sbi.co.in ত চাব লাগিব। তাতেই নির্দিষ্ট মেইল আইডি দিয়া আছে, য’ত আবেদনপত্রখন স্কেন কৰি পঠাব লাগিব।

Your Comments