অকণমান আশ্রয় যে কিমান ডাঙৰ কথা তাক লৈ কত কাব্য-সাহিত্য ৰচনা হৈছে। মুৰৰ ওপৰৰ এখন চালিৰ কাৰণেই মানুহে জীৱনত কত কি কৰিব লগা হয়!
গৃহহীন মানুহৰ এই দুঃখ কষ্ট অনুভৱ কৰিয়েই বার্লিনৰ এক চেৰিটি সংস্থাই বার্লিনৰ হোটেলসমূহক সেই এলেকাৰ গৃহহীনসকলৰ সাহায্যৰ বাবে আবেদন জনায়। গৃহহীনসকলৰ বাবে মুঠ ১৪২৬খন শয্যা নিশ্চিত কৰা সম্ভৱ হৈছে বুলি জানিব পৰা গৈছে বার্লিনৰ উক্ত চেৰিটি সংস্থাৰ ফালৰ পৰা। কেৱল শোৱাৰ ব্যৱস্থাই নহয়, কেইবাখনো হোটেলে গৃহহীনসকলৰ বাবে পুৱাৰ জলপান আৰু ৰাতিৰ খাদ্যৰো ব্যৱস্থা ৰাখিছে৷
বার্লিনৰ এই চেৰিটি সংস্থাই জনাইছে যে, গৃহহীনসকলৰ সৈতে কথা পতা আৰু তেওঁলোকৰ মনৰ অৱস্থাৰ বুজ লোৱাই সংস্থাটোৰ প্রধান কাম। জীৱনৰ সকলো আশা এৰি হতাশাগ্রস্ত জীৱন যাপন কৰা গৃহহীন লোকসকলে হয়তো কেইসপ্তাহ মান হোটেলত ভাল দৰে থাকি-দুবেলা দুসাঁজ খাই পৰৱর্তী জীৱন সম্পৰ্কত সুস্থ ভাৱে চিন্তা কৰাৰ অৱকাশ পাব। হতাশাগ্ৰস্ত গৃহহীনসকলক এটা সুন্দৰ জীৱনৰ পাতনি মেলাত সহায় কৰাৰ বাবেই এই ব্যৱস্থা ৷
- Log in to post comments
- 17 views