কৰ’না ভাইৰাছৰ পিছত এইবাৰ আৰম্ভ হ’ল বার্ড ফ্লুৰ আতঙ্ক ! এই প্রথমবাৰৰ বাবে ৱাৰ্ড ফ্লু H5N8 ভাইৰাছে মানৱ দেহত থিতাপি লৈছে বুলি জানিব পৰা গৈছে। ৰাছিয়াৰ স্বাস্থ্য বিভাগে জনাইছে, মানুহৰ শৰীৰত বার্ড ফ্লু ভাইৰাছ সংক্ৰমিত হৈছে। এখন পল্ট্রি ফার্মৰ সাতজন কর্মীৰ শৰীৰত H5N8 এবিয়ন ফ্লু ভাইৰাছৰ উপস্থিতি পোৱা গৈছে। ইতিমধ্যে ৰাছিয়াৰ স্বাস্থ্য বিভাগৰ মুৰব্বীসকলে WHO-ক এই ঘটনাৰ কথা জনাইছে।
Rospotrebnadzor নামৰ এটা সংস্থাই আক্ৰান্ত ব্যক্তি সাতজনৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিছে। এই সংস্থাৰ প্রধান আন্না প’প’ৱাই জনাইছে, এবিয়ন ইনফ্লুয়েঞ্জা এ ভাইৰাছত আক্রান্ত হোৱা মুঠ সাতজন ব্যক্তিক বৰ্তমান আইচ’লেচনত ৰখা হৈছে। আক্ৰান্ত ব্যক্তি কেইজনৰ সংস্পর্শলৈ অহা বহু কেইজন লোকৰ স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। প্রয়োজন হ’লে তেওঁলোককো আইচ’লেচনত পঠোৱা হ’ব বুলি জনোৱা হৈছে।
স্বাস্থ্য বিভাগৰপৰা জনোৱা হৈছে, সংক্রমিত ব্যক্তি কেইজনৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। এতিয়ালৈকে বার্ড ফ্লু ভাইৰাছৰ সংক্ৰমণ এটা মানৱ দেহৰ পৰা আনটোলৈ যোৱাৰ কোনো বাতৰি অহা নাই ৷ তথাপিও ৰাছিয়াৰ স্বাস্থ্য বিভাগে কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই। ভাৰততো কেৰেলা, মহাৰাষ্ট্র, মধ্যপ্রদেশ, হিমাচল প্রদেশ, ৰাজস্থানৰ দৰে বহুকেইখন ৰাজ্যৰ পে’লট্রি ফার্মত বহু হাজাৰ বাৰ্ড ফ্লুত সংক্ৰমিত মুর্গী মাৰি পেলাইছিল ফাৰ্মৰ মালিকসকলে । ফলত প’লট্রি ব্যৱসায়ত ব্যাপক হাৰত লোকচান হৈছিল। WHO- এ জনাইছে, এই ভাইৰাছ এজন ব্যক্তিৰপৰা আন এজনলৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনা কম। কিন্তু আক্রান্ত মুর্গীৰ সংস্পর্শলৈ আহিলে এই ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে।
- Log in to post comments
- 40 views