বহু দিন বন্ধ থকাৰ পিছত পুনৰ ভাবুকিৰ মুখামুখি হ’ল মালালা ইউচুফজাই।
মালালাৰ ওপৰত কৰা আক্ৰমণৰ দোষী সাব্যস্ত পাকিস্তানী তালিবান উগ্ৰপন্থী এহচানুল্লাহ এহচানৰ নামত খোলা এটা টুইটাৰ একাউণ্টৰপৰা এই ধমকি আহিছে। উক্ত পোষ্টটোত আক্রোশেৰে মালালাক উদ্দেশ্যি কোৱা হৈছে যে, "যোৱাবাৰ বাচি গৈছিলি, এইবাৰ আৰু কোনো ভুল নহ’ব" ।
বিশ্বজুৰি নাৰী সবলীকৰণৰ বিশেষ মুখ নোবেল বঁটা বিজয়ী মালালা । প্রতিবাদৰ কণ্ঠ। নাৰী-শিক্ষা আন্দোলনৰো অন্যতম গুৰি ধৰোঁতা তেওঁ। সেয়েহে তেওঁ পুনৰ উগ্ৰপন্থী আক্রোশৰ বলি হ’ব লগা হ’ল।
ইয়াৰ ফলত আন্তর্জাতিক পৰ্যায়ত প্রশ্নৰ মুখামুখি হৈছে পাকিস্তান চৰকাৰ। সমালোচিত হৈছে প্ৰধানমন্ত্ৰী ইমৰান খানো । এটা অপৰাধী কিদৰে মুক্ত ভাৱে ঘুৰি ফুৰিছে আৰু বাৰে বাৰে এনেদৰে প্ৰাণৰ ভাবুকি দিবলৈ সাহস পাইছে সেই লৈ মালালা নিজেও সৰব হৈছে ৷
- Log in to post comments
- 18 views