মধ্য নাইজেৰিয়াৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰাবাসত হঠাৎ বন্দুকধাৰী এটা দল সোমাই শতাধিক ছাত্ৰক অপহৰণ কৰি লৈ যায় ৷ গুলিবিদ্ধ হৈ ঘটনাস্থলীতেই মৃত্যু হয় এজন ছাত্ৰৰ। অপহৰণ কৰা হয় বহুকেইজন শিক্ষককো। সূত্রৰ খবৰ, মঙ্গলবাৰে মাজ ৰাতি নাইজেৰ ৰাজ্যৰ কাগাড়া চহৰত এখন চৰকাৰী বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰাবাসত মিলিটেৰী পোছাক পৰিধান কৰি অহা এদল বন্দুকধাৰী সোমাই শতাধিক ছাত্ৰ আৰু বহু কেইজন শিক্ষকক অপহৰণ কৰি কাষৰ জঙ্ঘললৈ লৈ যায়। ইয়াৰ পিছতে অপহৰণকাৰীৰ দলটোৱে ৫০০ মিলিয়ন ডলাৰ মুক্তিপণ দাবী কৰে। বন্দুকধাৰীৰ দলটো কোনো বৃহৎ অপৰাধচক্রৰ সৈতে যুক্ত বুলি আৰক্ষীৰ অনুমান।
এক চৰকাৰী বিষয়াই জনাইছে, ঘটনাৰ সময়ত মহাবিদ্যালয়খনৰ এজন কর্মী আৰু একাংশ ছাত্র পলাই যাবলৈ সক্ষম হয়। ইয়াৰোপৰি তেখেতে জনাইছে, মহাবিদ্যালয়খনত প্রায় ১,০০০ ছাত্ৰয়ে শিক্ষা গ্ৰহণ কৰে। তেওঁলোকৰ মাজৰপৰা কিমানজনক অপহৰণ কৰা হৈছে তাৰ সঠিক হিচাপ এতিয়াও পোৱাটো সম্ভৱ হোৱা নাই। ইতিমধ্যে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বুহাৰীৰ নির্দেশত বায়ুসেনাৰ সহায়ত অপহৃত শিক্ষক আৰু ছাত্ৰসকলৰ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে সেনাই ৷ এই ধৰণৰ ঘটনা পুনৰ নঘটিবৰ বাবে নিৰাপত্তাৰক্ষী বিষয়াসকলক সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ কাঢ়া নির্দেশ দিছে সেই দেশৰ প্রধানমন্ত্রীয়ে।
উল্লেখ যোগ্য যে, উত্তৰ-পশ্চিম আৰু মধ্য নাইজেৰিয়াত এই ধৰণৰ ঘটনা ক্রমশঃ বৃদ্ধি পাবলৈ ধৰিছে। মুক্তিপণ, ধর্ষণৰ উদ্দেশ্যে আৰু অঞ্চলটোত আতঙ্কৰ সৃষ্টি কৰিবলৈ দুষ্কৃতীকাৰীৰ দলবোৰে অপহৰণৰ পন্থা লৈছে আৰু সিহঁতৰ লক্ষ্য হৈছে বিদ্যালয়সমূহ। যোৱা বছৰ ডিচেম্বৰ মাহত উত্তৰ-পশ্চিম কাটছিনা ৰাজ্যত শতাধিক স্কুলীয়া ছাত্রক অপহৰণ কৰি মুক্তিপণ দাবী কৰিছিল বোকো হাৰাম উগ্ৰপন্থী সংগঠনে। চৰকাৰী মধ্যস্থতাত অপহৰণৰ ২ মাহ পিছত মুক্তি পায় ছাত্রসকলে।
- Log in to post comments
- 12 views