মঞ্জুৰী দিলে WHOয়ে, বিশ্বব্যাপী টিকা ৰপ্তানি কৰিব পাৰিব ছেৰামে

Serum to import vaccine

ছেৰাম হৈ পৰিল বৰ্তমান অধিক বিশ্বস্ত। কাৰণ , WHO য়েও  স্বীকৃতি দিলে ছিৰামক। এতিয়াৰপৰা বিশ্বব্যাপী কৰ’না টিকা ৰপ্তানি কৰিব পাৰিব ছেৰামে । যৌথ কাৰ্যসূচী অক্সফ’র্ড-এষ্ট্ৰ’জেনেকাৰ ক’ভিশ্বিল্ড টিকাৰ ড’জৰ মঞ্জুৰী দিছে বিশ্ব স্বাস্থ্য সংস্থাই। WHOৰ সহকাৰী সাধাৰণ পৰিচালক  ডাঃ মাৰিয়াঞ্জেলা চিমাওৱে জনাইছে এই কথা। 

Vaccine

পৃথিৱীৰ পিছ পৰি ৰোৱা দেশ সমূহলৈ  ক’ভিশ্বিল্ড টিকা ৰপ্তানি কৰিব পুণেৰ ছেৰাম ইনষ্টিটিউটে। ফাইজাৰৰ পিছত এষ্ট্ৰাজেনেকা ভেক্‌চিন দ্বিতীয় টিকা, যি ৰাষ্ট্রসংঘৰ কৰ’না মোকাবিলা কাৰ্যসূচীত অংশগ্রহণ কৰিব। বিশ্বৰ প্ৰত্যেকটো এলেকালৈকে ভেক্‌চিন পঠাব ছেৰামে।

যোৱা কিছুদিন যথেষ্ট উৎকণ্ঠা বাঢ়িছিল ৰাজ্যৰ কৰ’না সংক্রমণক লৈ। কিন্তু সোমবাৰৰপৰা পুনৰ স্বস্তি ঘুৰি আহিছে WHOৰ মঞ্জুৰীৰ পিছত।

সোমবাৰে সন্ধিয়া প্রকাশিত খবৰ অনুসৰি যোৱা ২৪ ঘণ্টাত নতুনকৈ কৰ’না আক্রান্ত হৈছে ১৩৩ জন লোক। ইয়াৰ পিছত মুঠ ক’ভিড আক্রান্তৰ সংখ্যা বাঢ়ি ৫ লক্ষ ৭২ হাজাৰ ৭২৮ হ’লগৈ।

Your Comments