নূমলীগড় ৰিফাইনেৰী লিমিটেডৰ সহযোগত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পেডিয়াট্ৰিক অনক’লজি ৱাৰ্ড উদ্বোধন কৰে এনআৰএলৰ ব্যৱস্থাপনা সঞ্চালক এছ কে বৰুৱাই । সোমবাৰে উদ্বোধনী অনুষ্ঠানত বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ উদ্বোধনী ভাষণত বৰুৱাই কয় যে যোৱা বছৰ, এনআৰএলৰ সকলো চিএছআৰ পুঁজি ক’ভিড ১৯ৰ সকাহৰ বাবে দিয়ে আৰু সেইদৰে অহা সময়চোৱাত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানক অধিক সহযোগিতা আগবঢ়াব উন্নয়নৰ ক্ষেত্ৰত । তদুপৰি তেওঁ শিশু কৰ্কট ৰোগী সকলৰ দ্ৰুত আৰোগ্য কামনা কৰি বক্তব্য আগবঢ়াই ৷
বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ড০ অমল চন্দ্ৰ কটকীয়ে জানিবলৈ দিয়ে যে – ৱৰ্ল্ড হেল্থ অৰগেনাইজেছন আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ভাৰত চৰকাৰৰ শিশুৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত দক্ষিণ-পূব এছিয়া আঞ্চলিক অনুশীলন নেটৱৰ্কৰ বাবে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানক বাচনি কৰিছে । এই প্ৰতিষ্ঠানটো বৰ্তমান দেশৰ চাৰিটা কেন্দ্ৰৰ ভিতৰত এটা হিচাপে বিবেচিত হৈছে । কটকীয়ে জনোৱা অনুসৰি, এই প্ৰতিষ্ঠানটো অনক’লজিৰ চুপাৰ স্পেচিয়েলিটি পাঠ্যক্ৰম প্ৰদান কৰা দেশৰ পাঁচটা কেন্দ্ৰৰ ভিতৰত অন্যতম ৷ তেওঁ জনাইছে যে অন্ক’ল’জি নাৰ্চিঙৰ প’ষ্ট বেছিক ডিপ্ল’মা আৰু মাষ্টাৰ ডিগ্ৰীৰ পাঠ্যক্ৰম মাৰ্চ মাহৰপৰা আৰম্ভ কৰা হ’ব অনুষ্ঠানটোত ৷
- Log in to post comments
- 16 views