বাইডেনৰ কেবিনেটত আছে বহুকেইগৰাকী ভাৰতীয় মূলৰ মহিলা। এইবাৰ ৰাষ্ট্ৰসংঘতো দেখিবলৈ পাব পাৰে ভাৰতীয় মূলৰ মহিলাক ৷
আকাংক্ষা আৰোৰা ৰাষ্ট্ৰসংঘৰ ভাৰতীয় মূলৰ কর্মী। আকাংক্ষা এই মুহূর্তত United Nations Development Programme (UNDP)-ৰ এগৰাকী অডিট ক’-অর্ডিনেটৰ হিচাপে কৰ্মৰত হৈ আছে। তেওঁ অহা বছৰ ৰাষ্ট্ৰসংঘৰ Secretary-General পদৰ বাবে প্রতিদ্বন্দ্বিতা কৰিব। বর্তমান মহাসচিব এণ্ট’নিঅ’ গুটেৰেচৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব ৩৪ বছৰীয়া এই আকাংক্ষা আৰোৰাই । তেওঁৱেই প্রথম মহিলা যি এণ্ট’নিঅ’ গুটেৰেচৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিব ।
২০১৭চনৰ ১ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰসংঘৰ মহাসচিব হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰিছিল এণ্ট’নিঅ’ই। এই বছৰ ৩১ ডিচেম্বৰত তেওঁৰ ৫ বছৰীয়া কাৰ্যকালৰ সমাপ্তি হ’ব। কিন্তু দ্বিতীয় বাৰৰ বাবে মনোনয়নপত্র জমা দিবলৈ আগবাঢ়িছে ৭১ বছৰ বয়সীয়া গুটেৰেচ।
- Log in to post comments
- 13 views