ছোৱালীজনীৰ সৰুকালৰপৰাই সপোন আছিল মঙ্গলগ্ৰহলৈ যোৱাৰ। সাত বছৰ বয়সত তাই যেতিয়া পিতৃক প্রথমবাৰৰ বাবে তাইৰ ইচ্ছাৰ কথা জনালে পিতৃ মিষ্টাৰ বার্ট কার্টচন উৎফুল্লিত হৈ উঠিছিল। তাইক পিতৃয়ে লৈ গৈছিল আলাবামাৰ হান্টচ্ভিলেৰ এটা স্পেচ্ কেম্পলৈ । সেয়াই আৰম্ভণি।
হয়,আলিছা কাৰ্চনৰ কথা কোৱা হৈছে ৷ তেৱেঁই হ’ব মঙ্গলগ্ৰহত খোজ পেলোৱা প্রথম মানুহ । লক্ষ্যত আগবাঢ়ি গৈ ২০১৩ চনত মাত্র ১২ বছৰ বয়সত NASA-ৰ সকলো ভিজিটৰ কেম্পত প্রৱেশৰ বাবে পাছপ’র্ট পাবলৈ সক্ষম হৈ ইতিহাস ৰচনা কৰিছিল আলিছাই।
মহাকাশচাৰী ক্রিছ হেড্ফিল্ডে ১৯৬৯ চনত জনাইছিল মঙ্গললৈ মানুহে ইচ্ছা কৰিলেই যাব পাৰিব। ষাঠিৰ দশকৰ প্রযুক্তিত নিৰ্ভৰ কৰি মানুহ মঙ্গললৈ যাব পাৰিব বুলি ভাবিছিল তেওঁ। তাৰ তুলনাত বৰ্তমানৰ প্রযুক্তি যথেষ্ট উন্নত। কিন্তু, মঙ্গলগ্ৰহৰপৰা মহাকাশচাৰী ঘুৰি অহাৰ ক্ষেত্ৰত কিছু অনিশ্চয়তা আছে । এই বিষয় লৈ ভয় নাই ২০ বছৰীয়া আলিছাৰ মনত ৷
জানিবলৈ পোৱা অনুসৰি আলিছা কাৰ্চন মঙ্গলগ্ৰহত থাকিব দুইৰ পৰা তিনি বছৰ। এক্সপ্ল’ৰেচন, ট্রি প্লেন্টেচন, মাটি পৰীক্ষণ, প্রাণ আৰু পানীৰ সন্ধান এই সকলোবোৰ আলিছাই কৰিব লাগিব অকলেই। ২০৩৩ চনত আলিছা মঙ্গলগ্ৰহলৈ যোৱাৰ কথা। আলিছাৰ বয়স তেতিয়া হ’ব ৩৩ বছৰ। তেতিয়ালৈকে অৱশ্যে প্রযুক্তি অধিক উন্নত হ’ব। আলিছাৰ এই যাত্ৰা সফল কৰি তুলিবলৈ নাছাই সকলোধৰণৰ প্রস্তুতি আৰম্ভ কৰি দিছে। পৃথিৱীৰপৰা মঙ্গলৰ গড় দূৰত্ব প্রায় ১৪০ মিলিয়ন মাইল। কিন্তু প্রতি ১৫ বছৰৰ অন্তৰে অন্তৰে পৃথিৱী আৰু মঙ্গল গ্ৰহৰ দূৰত্ব কমি গৈ প্রায় ৩৩.৯ মিলিয়ন মাইল হয়গৈ। ২০১৮ চনৰ পিছত পুনৰ ২০৩৩ চনত এই পৰিঘটনা সংঘটিত হ’ব। তেতিয়াই পঠোৱা হ’ব আলিছাক।
মঙ্গলগ্ৰহত পদাৰ্পণ কৰাৰ আগত এটাৰ পিছত এটা প্রশিক্ষণ ল’ব লগা হৈছে আলিছাই। মাইক্র’গ্রেভিটি, অক্সিজেনৰ অভাৱত দেহত বিভিন্ন পৰিৱর্তন হয় ।তাৰোপৰি দিনৰ পিছত দিন শূন্যত ভাঁহি থাকিব লগা হোৱাটোও এক ধৰণৰ প্ৰত্যাহ্বান। সেই সকলোবোৰ সমস্যাৰ সৈতে যুঁজিব লাগিব আলিছাই। তাৰ বাবেই চলিছে এই প্ৰশিক্ষণ সমূহ ৷ কম অভিজ্ঞতাৰে কোনেও নকৰা এটা সম্পূৰ্ণ নতুন কাম কৰিবলৈ সুযোগ পাইছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লুইজিয়ানাৰ হেমেণ্ডত জন্ম গ্ৰহণ কৰা এই সৰু ছোৱালীজনীয়ে ৷ আলিছাৰ সৰুকালৰ সপোন বৰ্তমান সঁচা হোৱাৰ পথত ৷
- Log in to post comments
- 38 views