৫৩ বছৰ অৰ্থাৎ প্ৰায় অৰ্ধশতিকাৰ আগতে হেৰাইছিল এটা মানিবেগ । সেই বেগটো ঘুৰাই পালে বেগৰ গৰাকীয়ে । কেইবছৰমান আগতে অপৰিচিত কেইজনমান ব্যক্তিয়ে তেওঁৰ সৈতে যোগাযোগ কৰি ডাঁক যোগে পঠিয়াই দিলে মানিবেগটো।
পল গ্রিছাম বৰ্তমান আমেৰিকাৰ কেলিফ’র্নিয়া স্থিত চেন ডিয়েগ’ৰ বাসিন্দা। বয়স ৯১ বছৰ । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নৌবাহিনীৰ বায়ুবিজ্ঞানবিদ হিচাপে তেখেত কৰ্মৰত হৈ আছিল । চাকৰিৰ কামতেই এন্টার্কটিকালৈ গৈ ১৩ মাহ তাতেই আছিল পল। সেই সময়ত তেওঁৰ বয়স আছিল ৩৮ বছৰ। তেতিয়া তাতেই হেৰাইছিল তেওঁৰ মানিবেগটো । মানিবেগটো হেৰোৱাৰ সন্দৰ্ভত পলৰ ইয়াতকৈ বেছি একো মনত নাছিল ৷ কিন্তু হঠাৎ এদিন ফোন আহিল তেওঁলৈ ৷ এক মার্কিন সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত পলে কয় যে, 'মই অবাক হৈ গৈছিলো। বেগটো মোক ঘুৰাই দিবৰ বাবেই বহুকেইজন লোকে যথেষ্ট কষ্ট কৰি বিচাৰি উলিয়াইছে।'
ব্রিটিছ সংবাদমাধ্যমত প্ৰকাশ কৰা খবৰ অনুসৰি, উক্ত মানিবেগটোত নৌবাহিনীত কর্মৰত অৱস্থাৰ পলৰ পৰিচয়পত্র, ড্রাইভিং লাইছেন্স-সহ বহুবিলাক ব্যক্তিগত নথিপত্র আছিল। ২০১৪ চনত তেখেতৰ মানিবেগটো বিচাৰি পোৱা যায়। এন্টার্কটিকাৰ ৰচ আইলেণ্ডৰ এটা ভৱন ভাঙি পেলোৱাৰ সময়ত বেগটো পোৱা গৈছিল । ইয়াৰ পিছত আৰম্ভ হয় পল জীয়াই আছেনে নাই, সেই তথ্য উদ্ধাৰ কাৰ্য। পিছত পলৰ বর্তমানৰ ঠিকনা বিচাৰি উলিয়াই সেই ঠিকনাত পঠিওৱা হয় মানিবেগটো ।
- Log in to post comments
- 33 views