কৰ’নাৰ পিছত পুনৰবাৰ বিশ্বৰ সন্মুখত ভয়াবহ হৈ ঠিয় দিছে চীনে

Ozone layer

কৰ’নাৰ পিছত পুনৰবাৰ বিশ্বৰ সন্মুখত ভয়াবহ হৈ ঠিয় দিছে চীনে । প্ৰকৃততে পৰিৱেশ বিজ্ঞানীসকলৰ মত এয়া।

পৃথিৱীৰ বায়ুমণ্ডলৰ অ’জন স্তৰত ফাট মেলিবলৈ আৰম্ভ কৰাৰ আশঙ্কাই দেখা দিছে। যি বিলাক ৰাসায়নিক গেছৰ বাবে অ’জন স্তৰত বিন্ধা ওলাইছে, দেখা গৈছে যে আন্তর্জাতিক বিধি-নিষেধ অগ্রাহ্য কৰি পূব চীনে সেই ধৰণৰেই ৰাসায়নিক পদার্থৰ নিঃসৰণ পূৰ্ণোদ্যমে কৰি আছে। চীনত ক্ল’ৰ’ফ্ল’ৰ’কার্বন গ্রুপৰ (CFC) নানা ধৰণৰ ৰাসায়নিক গেছৰ নিঃসৰণৰ সন্দৰ্ভত উদ্বেগ প্রকাশ কৰিছে বিজ্ঞানীসকলে।

Ozone

জানিবলৈ পোৱা গৈছে, জাপান আৰু দক্ষিণ কোৰিয়াত স্থাপন কৰা দুটা এয়াৰ মনিটৰিং ষ্টেচনৰপৰা পোৱা তথ্যৰ ভিত্তিত লিখা গৱেষণাপত্রত এই কথা প্ৰকাশ কৰা হৈছে। যোৱা শতিকাৰ আশী দশকৰপৰাই মানুহে জানে যে, বায়ুমণ্ডলৰ অ’জনস্তৰত ফাট মেলাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে ক্ল’ৰ’ফ্ল’ৰ’কার্বন (trichlorofluoromethane/ CFC-11) গ্রুপৰ ৰাসায়নিক গেছ সমূহে।

Ray

অ’জনস্তৰত বিন্ধা ওলালে সূর্যৰ অতি বেঙুনীয়া ৰশ্মি সেই বিন্ধাৰে পৃথিৱীত পৰিবহি আৰু ফলত মানুহৰ লগতে প্রায় সকলো প্রাণী আৰু উদ্ভিদৰেই ক্ষতি সাধন হ’ব । ছালৰ কৰ্কটৰোগ পৰ্যন্ত হোৱাৰ সম্ভাৱনা আহি পৰিব । কিন্তু গৱেষকসকলে কৈছে, আগতেই এই সন্দৰ্ভত সতৰ্ক হৈ থাকিলে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা সম্ভৱ হৈ উঠিব । পূব চীনত যাতে এই ধৰণৰ ৰাসায়নিক গেছৰ নিঃসৰণ বন্ধ কৰা যায়, তাত চকু ৰাখিব ৰাষ্ট্ৰসংঘ আৰু জলবায়ু ৰক্ষা সম্পৰ্কীয় আন্তর্জাতিক সংস্থাসমূহে। এই বিষয়টো লৈ অহা সময়চোৱাত হয়তো যোগাত্মক ফলাফল আশা কৰিব পৰা যাব।

Your Comments