বঙাইগাঁওঃ
'স্তব্ধ হৈ পৰিব পাৰে ভাৰতীয় ৰে'লৰ চকা ৷ যদিহে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰে'লক ব্যক্তিগত খণ্ডৰ হাতত হস্তান্তৰ কৰাৰ পৰিকল্পনা অনতিপলমে স্থগিত নকৰে , তেন্তে অল ইণ্ডিয়া ৰে'লৱেমেনচ ফেডাৰেচনৰ নেতৃত্বত সকলো ৰে'ল কৰ্মচাৰী আন্দোলনত নামিবলৈ বাধ্য হ'ব আৰু সমগ্ৰ ভাৰততে বন্ধ কৰি দিব ৰে'ল চলাচল' -- এই হুংকাৰ অল ইণ্ডিয়া ৰে'লৱেমেনচ ফেডাৰেচনৰ সভপতি ৰাখাল দাস গুপ্তৰ ৷ বুধবাৰে এ আই আৰ এফৰ আহ্বানত ৰে'ল শিল্প ব্যক্তিগতকৰণৰ প্ৰতিবাদত সমগ্ৰ ভাৰততে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বঙাইগাঁৱতো উত্তৰ পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ বঙাইগাঁও, নিউ বঙাইগাঁও কাৰখানা, নিউ বঙাইগাঁও বিজি আৰু ৰাণিং শাখাই যৌথভাৱে পালন কৰা প্ৰতিবাদী বাইক ৰেলী আৰু জনসভাৰ পৰিপ্ৰেক্ষিতত এইদৰে কয় নেতাগৰাকীয়ে ৷ উল্লেখ্য যে মজদুৰ ইউনিয়নৰ প্ৰতিবাদী বাইক ৰেলী আজি বঙাইগাঁও শাখাৰ পৰা আৰম্ভ হৈ সমগ্ৰ চহৰ আৰু ৰে'ল অঞ্চল পৰিভ্ৰমণ কৰি নিউ বঙাইগাঁও ৰে'ল জংচনত প্ৰতিবাদী সভাৰে সমাপ্ত হয় ৷ এই সভাত ইউনিয়নৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক আশীষ বিশ্বাস, উপসভাপতি ফণীধৰ দাস , সাংগঠনিক সম্পাদক সমীৰ চুনি মুছাহাৰীকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
সভাত ভাষণ প্ৰদান কৰি আশীষ বিশ্বাসে কয় যে ভাৰতীয় ৰে'ল ব্যক্তিগতকৰণ হ’লে ইয়াৰ প্ৰভাৱ সকলো ৰাইজৰ ওপৰতে পৰিব ৷ ভাৰা বাঢ়িব, মোবাইল চাৰ্জিং , খোৱা লোৱা সকলো বস্তুৰ বাবে চাৰ্জ কাটিব ইত্যাদি ৷ তেতিয়া আৰু ৰে'ল সাধাৰণ শ্ৰেণীৰ লোকৰ যাতায়তৰ ব্যৱস্থা হৈ নাথাকে ৷ গতিকে সেইবাবেই আমি সকলো ৰাইজে মিলি এই ব্যক্তিগতকৰণৰ প্ৰতিবাদ কৰিব লাগিব ৷ অন্যথা চৰকাৰে ৰে'ল শিল্প বিক্ৰী কৰিহে এৰিব বুলিও বিশ্বাসে কয় ৷ উল্লেখযোগ্য যে বঙাইগাঁৱৰ উপৰিও ৰঙিয়া , তিনিচুকীয়া, লক্ষীমপুৰ , গুৱাহাটী , মালিগাঁও আদি স্থানতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ প্ৰচাৰ সচিব কল্লোল দেৱ শৰ্মাই জানিবলৈ দিছে ৷
- Log in to post comments
- 6 views