স্বচ্ছতা মাথোঁ শ্লোগান নহয় :বিধায়িকা আঙুৰলতা ডেকা

batadraba

বটদ্ৰবাৰ পৰা নিপন নাথৰ প্রতিবেদন :

 স্বচ্ছতা মাথো শ্লোগান নহয় । এগৰাকী জন প্ৰতিনিধিয়ে হাতে কামে  দেখুৱালে স্বচ্ছতাৰ নিদৰ্শন।কেতিয়াবা ফুটবল কেতিয়াবা আকৌ হাতত ক্ৰিকেটৰ বেট লৈ ধোনীৰ দৰে হেলিকপ্তাৰ চট  ,  অান কেতিয়াবা নৃত্য বা গীত গাই ৰাইজক মনোৰঞ্জন দিয়া ৰাইজৰ সকলো অনুষ্ঠানতে জড়িত হৈ থকা জনপ্ৰতিনিধি গৰাকীয়েই  হৈছে  বটদ্ৰৱাৰ বিধায়িকা অাঙুৰলতা ডেকা । মঙ্গলবাৰে পুনৰ  এক ব্যতিক্ৰমী ৰূপত দেখা পোৱা গল বিধায়িকাগৰাকীক ।  সংকল্প যাত্ৰা উপলক্ষে নিজ সমষ্টিত সহস্ৰাধিক লোকৰ লগত প্ৰায় ১৫  কি: মি: পথ পদযাত্ৰাত অংশ লয় বিধায়িকা অাঙুৰলতাই। পদযাত্ৰাৰ অন্তত সহস্ৰাধিক অংশগ্ৰহনকাৰীক  নিজ হাতেৰে অাহাৰেৰে অাপ্যায়িত কৰে বিধায়িকা গৰাকীয়ে । অানকি অাহাৰ খোৱাৰ পিছত পাত-পতুৱা চাফা কৰি স্বচ্ছতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে কামৰ  যে কোনো শ্ৰেণী বা সৰু বৰ নাই  তাৰো এক অাৰ্হি  দেখুৱালে বিধায়িকা অাঙুৰলতাই ।

Your Comments