বৰভাগত ভূপেন হাজৰিকা সংগীত প্ৰতিযোগিতা আয়োজনৰ ব্যাপক প্ৰস্তুতি

barvag

নৰেন শৰ্মা,বাহাৰঘাট :

নলবাৰী জিলাৰ বৃহত্তৰ বৰভাগ অঞ্চলৰ স্বেচ্ছাসেৱী অনুষ্ঠান বৰভাগ যুৱ সমাজ আৰু বৰভাগ সংগীত মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত সুধাকণ্ঠ ভাৰতৰত্ন ড°ভূপেন হাজৰিকাৰ অষ্টম বাৰ্ষিক স্মৃতি দিৱস বৰভাগ যুৱ সমাজৰ বাকৰিত অহা ৫ নৱেম্বৰত দিনযোৰা কাৰ্যক্ৰমণিকাৰে উদযাপন কৰাৰ দিহা কৰা হৈছে। উক্ত দিৱসৰ লগত সংগতি ৰাখি সিদিনা ৰাতিপুৱা ১০ বজাৰ পৰা এখনি ভূপেন হাজৰিকা সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ'ব। উচ্চ শাখাত সপ্তম শ্ৰেণীৰ পৰা ওপৰৰ শাখালৈ আৰু নিম্ন শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা তলৰ শ্ৰেণীলৈ অনুষ্ঠিত হ'ব। উচ্চ শাখাৰ পুৰষ্কাৰ সমূহ ক্ৰমে ৫০০০ টকা, ৩০০০ টকা, ২০০০ টকা, ১৫০০ টকা আৰু ১০০০ টকা প্ৰদান কৰা হ'ব। সেইদৰে নিম্ন শাখাত ক্ৰমে ৩০০০ টকা, ২০০০ টকা, ১৫০০ টকা, ১০০০ টকা আৰু ৫০০ টকা প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাই জনাইছে। আনহাতে উচ্চ শাখাৰ ভৰ্তি মাচুল ২০০ টকা আৰু নিম্ন শাখাৰ ভৰ্তি মাচুল ১০০ টকা নিৰ্ধাৰণ কৰিছে। ইচ্ছুক প্ৰতিযোগীয়ে সকলো ধৰণৰ যোগাযোগ ৯৮৬৪৪০০০৮৫, ৯১০১৪০৬৫২৫ নম্বৰত কৰিব পাৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।

Your Comments