বঙাইগাঁৱৰ প্ৰতিবেদক:
বঙাইগাঁৱৰ উত্তৰ বঙাইগাঁও আৰক্ষীয়ে মঙলবাৰে নিশা চিৰাং জিলাৰ বিজনীৰ কাৱাটিকাত অভিযান চলাই এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ৷ আটক কৰা ড্ৰাগছ ব্যৱসায়ীজন আব্দুল গণি (২১) বুলি জানিব পৰা গৈছে ৷ উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসে জানিবলৈ দিয়া মতে মঙলবাৰে সন্ধিয়া ৰে'লৱে ওল্ড কলনীৰ পৰা ড্ৰাগছসহ আটক কৰা বিজয় সৰকাৰ আৰু পূজা সৰকাৰ নামৰ দম্পতীহালৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশাই চিৰাং জিলাৰ বিজনীৰ কাৱাটিকাত অভিযান চলাই ড্ৰাগছ ব্যৱসায়ী আব্দুল গণিক নিজ গৃহৰ পৰা আটক কৰে ৷ আব্দুল গণিয়ে দম্পতীহালক ড্ৰাগছ যোগান ধৰিছিল বুলি আৰক্ষীৰ আগত বিজয় সৰকাৰে স্বীকাৰোক্তি দিছিল ৷ পিছত আৰক্ষীয়ে তিনিও ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি বুুধবাৰে বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
- Log in to post comments
- 12 views