অসম তথা উত্তৰ-পূবৰ হজযাত্ৰীৰ পৰা অত্যধিক বিমান ভাড়া আদায়ৰ  অভিযোগ কেন্দ্ৰীয়  হজ  কমিটীৰ বিৰুদ্ধে

Pic

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হজযাত্ৰীসকলৰ পৰা বিমান ভাড়াৰ নামত অত্যধিক হাৰত ধন আদায় লৈ কেন্দ্ৰীয় হজ কমিটীয়ে দীৰ্ঘদিন ধৰি এক ছিণ্ডিকেটৰাজ চলাই আহিছে বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে। বুধবাৰে  ইয়াৰ প্ৰতিবাদত কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদ, কলিয়াবৰ জিলা সমিতিয়ে এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে| মুম্বাই,  দিল্লী, বিহাৰ,  উত্তৰ প্ৰদেশকে ধৰি অন্যান্য ৰাজ্যৰ হজযাত্ৰীসকলৰ বিমান ভাড়াৰ তুলনাত অসমৰ হজযাত্ৰীসকলে আধাতকৈ বেছি ধন অতিৰিক্তভাৱে বহন কৰি আহিছে| যাৰ বাবে হজযাত্ৰীসকলৰ যথেষ্ট অসুবিধাৰ সন্মুমুখীখীন হ'বলগাত পৰিছে| ইফালে এই লৈ অসমৰ কেইজনমান ব্যক্তিয়ে এটা বৃহৎ  ব্যৱসায় চলাই আছে বুলি সংগঠনটোৱে অভিযোগ কৰে| কেন্দ্ৰীয় হজ কমিটীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্ৰীসকলৰ ক্ষেত্ৰত কৰি অহা এনে বৈষম্যৰ ওৰ পেলাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্ৰীৰ ওপৰত আৰোপিত অতিৰিক্ত বিমান ভাড়া প্ৰত্যাহাৰৰ দাবী জনাই সদৌ অসম গৰীয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি চেলিম আলী,সাধাৰণ সম্পাদক ইক্ৰামউদ্দিন আহমেদৰ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ  কৰে|  জিলা সমিতিৰ উপদেষ্টা বদীৰথ আলীকে ধৰি কেইবাগৰাকী বিষয়ববীয়া ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকে |

 

Your Comments