গুৱাহাটীৰ দুৰ্ঘটনাত ঘগ্ৰাপাৰৰ যুৱকৰ মৃত্যু   

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত ২ নং সাগৰকুছি গাঁও নিৱাসী প্ৰাঞ্জল কলিতা(২০)নামৰ যুৱকজন যোৱা ২০ অক্টোবৰত গুৱাহাটীৰ লখৰাত এটা মটৰ বাইক দুৰ্ঘটনাত পতিত হোৱাৰ পিছত  জিএমচিএইছত  চিকিৎসাধীন  হৈ থাকি বুুুধবাৰে পুৱা শেষ নিশ্বাস ত‍্যাগ কৰে।উল্লেখ‍্য‍,যুৱকগৰাকীয়ে বিগত কিছুমাহ ধৰি গুৱাহাটীৰ এটা কোম্পানীত কাম কৰি আছিল। তেওঁ যোৱা ২০ অক্টোবৰত কৰ্মলৈ যোৱাৰ পথতে গুৱাহাটীৰ লখৰাত  মটৰ বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল।মৃত্যুৰ সময়ত তেওঁ পিতৃ -মাতৃসহ বহু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ গৈছে।

Your Comments