২৫ অক্টোবৰত মৰিগাঁৱৰ ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কেন্সাৰ ৰোগ চিনাক্তকৰণ শিবিৰৰ আয়োজন 

মৰিগাঁৱৰ পৰা জিতুমণি নাথ:

কেন্সাৰ প্ৰৱন জিলা হিচাপে  পৰিচিত হৈ পৰা মৰিগাঁও জিলাৰ মহিলাসকলৰ মাজত এই ভয়াৱহ ৰোগবিধৰ প্ৰাৰ্দুভাবৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্ৰশাসনে নিজাববীয়াকৈ বহল পৰিসৰৰ কেন্সাৰ ৰোগৰ চিনাক্তকৰণ আৰু সজাগতা সৃষ্টিৰ বাবে এক অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি মৰিগাঁও জিলা সদৰকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন  স্থানত কেন্সাৰ ৰোগৰ ক্ষেত্ৰত সজাগতা সৃষ্টি আৰু চিনাক্তকৰণৰ বাবে আগশাৰীৰ  স্বেচ্ছাসেৱী সংগঠন দীপশিখা ফাউন্ডেচনে ইণ্ডিয়ান কেন্সাৰ চছাইটিৰ সহযোগত অনুষ্ঠিত কৰিব কেন্সাৰ ৰোগৰ চিনাক্তকৰণ আৰু  চিকিৎসাৰ পৰামৰ্শমূলক বহল পৰিসৰৰ চিকিৎসা শিবিৰ।ইতিমধ্যে মৰিগাঁও জিলা প্ৰশাসনৰ লগত হোৱা কেইবালানি আলোচনাৰ অন্তত  মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই দুয়োটা সংগঠনে মৰিগাঁও জিলাত সাতমাহ জোৰা কেন্সাৰ ৰোগৰ চিনাক্তকৰণ আচঁনি ৰূপায়ণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।বিশেষকৈ মহিলাসকলৰ মাজত কেন্সাৰ ৰোগৰ চিনাক্তকৰণক অগ্ৰাধিকাৰ প্ৰদান কৰিবলগীয়া এই বিশেষ কেন্সাৰ ৰোগ চিকিৎসা শিবিৰত তিনিটা পৰ্যায় ক্ৰমে
 অৰেল স্কেনিং,ক্লিনিকেল ব্ৰেষ্ট এক্সামিনেচন, গাইনেক এক্সামিনেচন উইথ পিএপি টেষ্টৰ জৰিয়তে পৰীক্ষণ কৰা হ'ব।জিলাখনৰ ১২০০ মহিলাক পদ্ধতিগতভাৱে স্বাস্থ্য পৰীক্ষাকৰণৰ লগতে স্বাস্থ্য নিদান প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা এই বিশেষ চিকিৎসা শিবিৰটোৰ  অহা ২৫ অক্টোবৰত পুৱা ১০ বজাত  মৰিগাঁও জিলাৰ ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  শুভাৰম্ভ কৰা হব।উল্লখ্য যে দীপশিখা ফাউন্ডেচন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ মুৰব্বী তথা মুম্বাইস্থিত অসম ভৱনৰ শীৰ্ষ বিষয়া দেবাশীষ শৰ্মাই অসমত ভয়াৱহ ৰূপ ধাৰণ কৰা কেন্সাৰ ৰোগৰ বিৰুদ্ধে দীপশিখা ফাউন্ডেচন নামৰ বেচৰকাৰী সংস্থাটোৰ জৰিয়তে নিৰবিছিন্নভাৱে যুুঁজ দি আহিছে।আনহাতে,অহা ২৫ অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে  জিলাখনৰ বিভিন্ন স্থানত অনুষ্ঠিত হ'বলগীয়া কেন্সাৰ ৰোগৰ সজাগতা আৰু চিনাক্তকৰণ শিবিৰে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰি মৰিগাঁও জিলা উপায়ুক্ত ঋতূৰাজ বৰাই জিলাখনৰ মহিলাসকলক এই সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

 

Your Comments