'মঞ্চ গৌৰৱ',বলিষ্ঠ অভিনেতা দিলীপ ৰঞ্জন দত্তৰ মৃত্যু

Pic

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:

ভ্ৰাম্যমাণ থিয়েটাৰত বলিষ্ঠ অভিনয়ৰে অসমীয়াৰ হিয়াৰ আমঠু হৈ পৰা স্বনামধন্য অভিনেতা ,'মঞ্চ গৌৰৱ,অসম' উপাধিৰে বিভূষিত হোৱা গোলাঘাটৰ ঢেকিয়ালৰ অভিনেতা দিলীপ ৰঞ্জন দত্তৰ বাৰ্ধক্যজনিত কাৰণত  বুধবাৰে নিশা বিয়োগ ঘটে।জানিব পৰা মতে, বহুদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকা অভিনেতাজনে যোৰহাটত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যুক সাৱটি লয়। পুৱা মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ঢেকিয়ালস্থিত বাসগৃহত অনেক গুণমুগ্ধই ভিৰ কৰাৰ লগতে বিভিন্ন অনুষ্ঠান,দল-সংগঠনে অভিনেতাজনৰ  বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। গোলাঘাটৰ ঐতিহ্যমণ্ডিত এমেচাৰ থিয়েটাৰ চ'ছাইটিয়েও চিৰসেউজ অভিনেতাজনৰ মৃত্যুক গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

Your Comments