বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন :
ভাৰতীয় ষ্টেট বেংকৰ বৰপেটা জিলাৰ সৰভোগ শাখাত অৰবিন্দ তালুকদাৰ নামৰ এজন লোকৰ বেংক একাউণ্টৰ পৰা কিছুদিন ধৰি পৰ্যায়ক্ৰমে ১ লাখ ১৯ হাজাৰ টকা লুটি নিয়া ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।ভুক্তভোগী তালুকদাৰে ইতিমধ্যে 31483291838 একাউণ্ট নম্বৰৰ পৰা টকা নোহোৱা হোৱা সম্পৰ্কত সৰভোগ বেংক শাখাৰ মেনেজাৰক লিখিত আবেদন দিছে ৷ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ পেঞ্চনৰ সাচতীয়া ধন হৰলুকি হোৱাত যথেষ্ট তালুকদাৰ এতিয়া যথেষ্ট চিন্তিত হৈ পৰিছে৷ উল্লেখযোগ্য যে এমাহ পূৰ্বেও উক্ত বেংকটোৰ পৰা একাউণ্ট হেক কৰি লক্ষাধিক টকা হৰলুকি কৰিছিল কোনো চক্ৰই। এইবাৰ এছ বি আইৰ কৰ্তৃপক্ষই কি ব্যৱস্থা লয়,সেইটোহে লক্ষণীয় হ'ব।
- Log in to post comments
- 8 views