আগন্তুক কালীপূজা আৰু দীপান্বিতা উপলক্ষে শিৱসাগৰ জিলা উপায়ুক্তৰ  বৈঠক:  সকলোকে নীতি-নিৰ্দেশনা পালনৰ আহ্বান

sibsagar

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই

শিৱসাগৰ জিলাখনত আগন্তুক কালীপূজা আৰু দীপান্বিতা যাতে সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় সেয়া নিশ্চিত কৰাৰ লক্ষ্যৰে যোৱা ২১ অক্টোবৰত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ অধ্যক্ষতাত জিলাখনৰ পাইকাৰী আৰু খুচুৰা ফটকা বিক্রেতা সকলৰ সৈতে উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়।

উপায়ুক্ত গৰাকীয়ে সকলোকে এই সন্দৰ্ভত যাৱতীয় নীতি- নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনায়। তেওঁ পাইকাৰী ফটকা বিক্রেতা সকলৰ গুদাম সমূহ পৰিদৰ্শনৰ বাবে দণ্ডাধীশক যাবলৈয়ো নিৰ্দেশ দিয়ে। 

দীপান্বিতা অনুষ্ঠিত হৈ যোৱাৰ পিছত জাৱৰ- জোথৰ চাফ-চিকুণ কৰাৰ বাবে উপায়ুক্ত গৰাকীয়ে পৌৰসভাক সক্ৰিয় হৈ থাকিবলৈ আহ্বান জনায়।

সভাত অংশগ্ৰহণ কৰি আৰক্ষী অধীক্ষক অমিতাভ সিনহাই দীপান্বিতা পালনৰ সময়ত ল'বলগীয়া সাৱধানতা তথা বিভিন্ন নীতি-নিৰ্দেশনা সন্দৰ্ভত বিতং পৰামৰ্শ আগবঢ়ায়। কোনো ব্যৱসায়ীয়ে ফটকা মজুত ৰখাৰ ক্ষেত্ৰত ভূমি মহলা (ground floor) -ৰ বাহিৰে প্ৰথম বা দ্বিতীয় মহলা ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে সকলোকে সতৰ্ক কৰি দিয়ে। যান-বাহন আৰু পথচাৰীৰ চলাচলত যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতিও তেওঁ সকলোকে সতৰ্ক কৰি দিয়ে। সুৰক্ষাৰ নিয়মাৱলী মানি নচলিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। সভাত তেওঁ চাইনীজ ফটকা বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাৰ বিষয়েও উল্লেখ কৰে।

উল্লেখযোগ্য যে, সকলো খুচুৰা ফটকা ব্যৱসায়ীয়ে তেওঁলোকৰ নিজ-নিজ দোকানৰ ভিতৰত ফটকা মজুত ৰাখি বিক্ৰী কৰিব লাগিব আৰু ইয়াক ফুটপাথ (footpath)-লৈ সম্প্ৰসাৰণ কৰিব নোৱাৰিব। যি সকল ব্যৱসায়ীৰ নিজা দোকান নাই তেওঁলোকে ৰাস্তাত বিক্ৰী কৰিব পাৰিব যদিও কোনো যান-বাহন আৰু পথচাৰীৰ অসুবিধা কৰিব নোৱাৰিব।

ফটকা ব্যৱসায়ী সকলে পৌৰসভাৰ পৰা অনুমতি লোৱাৰ ক্ষেত্ৰত মাছুলৰ নিৰীখ সংশ্লিষ্ট স্থানত আৰি দিব লাগিব।

সভাৰ শেষত উপায়ুক্ত গৰাকীয়ে সকলোকে শান্তিপূৰ্ণভাৱে আৰু সকলো নীতি-নিয়ম যথাৰীতি পালন কৰি আগন্তুক কালীপূজা আৰু দীপান্বিতা উদযাপন কৰিবলৈ আহ্বান জনায়।

সভাত অতিৰিক্ত উপায়ুক্ত বিদিত দাস, নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপাও উপস্থিত থাকে।

Your Comments