আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী : তৰ্ক প্ৰতিযোগিতাৰ উদ্বোধন কৰিলে জিলা উপায়ুক্তই

sibsagar

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :

আমগুৰিৰ আগশাৰীৰ শিক্ষানুষ্ঠান আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে অসম ভিত্তিত আয়োজন কৰা দুদিনীয়া তৰ্ক প্ৰতিযোগিতাখনিৰ যোৱা ২১ অক্টোবৰত শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই।
প্ৰতিযোগিতাখনিৰ প্ৰাৰম্ভণিতে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে এটি বৰগীত পৰিবেশন কৰে। 
উদ্বোধনী ভাষণত উপায়ুক্ত গৰাকীয়ে বৰগীতটিৰ উচ্চ প্ৰশংসা কৰাৰ লগতে কৰ্ণাটকী সংগীতৰ ৰাগৰ কিছু অংশয়ো তেওঁ পৰিবেশন কৰে। উপায়ুক্ত গৰাকীয়ে বিদ্যালয়খনিৰ চৌহদত এটি গছ পুলিও ৰোপণ কৰে। "তথ্য প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশত সহায় কৰিছে" শীৰ্ষক তৰ্ক প্ৰতিযোগিতা খনিত অসমৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ৩৮ গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে। 

sibসভাত বিদ্যালয়খনৰ অধ্যক্ষ অমৰজ্যোতি বৰঠাকুৰে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই বিদ্যালয়খনৰ ৱেবছাইটো মুকলি কৰে।
সভাত আমগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৌচুমী চেতিয়া আৰু বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জলিলো উপস্থিত থাকে।

Your Comments