মৰিগাঁও জিলা উন্নয়ন কমিটিৰ সভা :  বিভিন্ন বিভাগৰ কামৰ খতিয়ান চালে উপায়ুক্ত ঋতুৰাজ বৰাই

মৰিগাঁৱৰ পৰা জিতু মনি নাথৰ প্রতিবেদন :

ৰাজ্যৰ ৰাজধানী দিশপুৰৰ গাতে লাগি থকা মৰিগাঁও জিলাক অসম চৰকাৰৰ লগতে ৰাজ্যপাল জগদীশ মুখীয়ে মডেল জিলা হিচাপে গঢ় দিবলৈ পৰিকল্পনাও কৰিছে। সেয়ে তেওঁ অক্টোবৰৰ শেষৰ ভাগত মৰিগাঁও জিলা  ভ্ৰমণ কৰি  জিলাখনৰ সকলো ক্ষেত্ৰ গুৰুত্ব সহকাৰে পৰ্যালোচনা কৰিব। জিলাখনৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে ৰাজ্যপাল গৰাকীয়ে কৃষি,পশুপালন,মীন পালন আদি ক্ষেত্ৰত প্ৰধানকৈ গুৰুত্ব প্ৰদান কৰিব  - এই কথা প্ৰকাশ কৰিছে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই। মৰিগাঁও জিলা উপায়ুক্ত সভাকক্ষত আজি জিলাখনৰ উন্নয়ন কমিতিৰ সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম -কাজৰ খতিয়ান লৈ উপায়ুক্তগৰাকীয়ে কয় মৰিগাঁও জিলাখনক মডেল জিলা হিচাপে গঢ় দিয়াৰ যথেষ্ট স্থল থকাৰ বাবেই অসম চৰকাৰ আৰু ৰাজ্যপালে আমাৰ জিলাখনক যথেষ্ট গুৰুত্ব দিছে। মৰিগাঁও জিলাত হস্ত তাঁত আৰু বস্ত্ৰ শিল্পৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা বিভিন্ন আঁচনি সমূহ সঠিক ভাবে কাৰ্যকৰী কৰিলে জিলা খনৰ শিপিনী সকল উপকৃত হব পাৰিব।

একেদৰে ৰেচম বিভাগৰ জৰিয়তেও আৰ্থিক দিশত সকাহ লাভ কৰিব পৰা সুবিধা আছে বুলিও উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে পৰিবহণ,জনস্বাস্থ্য কাৰিকৰী বিভাগ,গড়কাপ্তানি,স্বাস্থ্য বিভাগ,শিক্ষা,জলসম্পদ,ক্ৰীড়া,বিদ্যুৎ আদি বিভিন্ন বিভাগ সমূহৰ খতিয়ান লৈ জিলা খনৰ উন্নয়নৰ স্বাৰ্থত আত্মনিয়োগ কৰি সততা আৰু নিষ্ঠাৰে নিজৰ নিজৰ দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনায়।সভাত জিলা পৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া,অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান,দীপা দাস আদি কৰি জিলা খনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলে অংশগ্ৰহণ কৰে।

Your Comments