বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:
সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫২ নং চুলিয়াকাটা পঞ্চায়তত বিধায়ক পুঁজিৰ ধন আত্মসাতৰ ঘটনাৰ উচিত তদন্ত বিচাৰি 'অসমী বোৱা-কটা উন্নয়ন মহিলা সমিতি' নামৰ মহিলা গোটটোৱে মঙলবাৰে সৰভোগ থানাত গোচৰ তৰে। প্ৰাপ্ত তথ্য অনুসৰি ২০১৪-১৫ বৰ্ষতে বিধায়ক ৰঞ্জিত কুমাৰ দাসে উক্ত এশজনীয়া গোটৰ নামত সমূহীয়া গৃহ (Common facility centre) নিৰ্মাণৰ নামত ৫ লাখ টকা আৱন্টন দিয়ে। এই আৱন্টিত পুঁজি সম্পৰ্কত সুদীৰ্ঘ ৪ বছৰ ধৰি গোটৰ সদস্যাসকলক কোনো নজনোৱাকৈ এখন নিৰ্মাণ সমিতি গঠন কৰি ৩,৭৫,০০০ টকা উলিয়াই সমুদায় ধন আত্মসাৎ কৰা বুলি অভিযোগ উঠিছে । তাৎপৰ্যপূৰ্ণ কথা হ'ল স্থানীয় বিজেপি নেতা অৰবিন্দ বৰ্মনক সভাপতি আৰু ৪৩৬ নং কুমুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা দুৰামাৰী গাওঁ নিবাসী গিৰিশ দাসক সম্পাদক হিচাপে লৈ নিৰ্মাণ সমিতি গঠন কৰে। সমিতিৰ বাকী সদস্যসকল কনিষ্ঠ অভিযন্তা চকচকা উন্নয়ন খণ্ড, সৰভোগ টাউনৰ ৰাজু যাদৱ,ৰমেশ দাস, পুলক শীল, কৃষ্ণা দাস আৰু গেল্লেপাৰাৰ অৰুণ দাসক লৈ নিৰ্মাণ সমিতিখন গঠন কৰে।
এই সকলো কথা তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰি জানিব পৰাত মহিলা সমিতিৰ সদস্যাসকলৰ চকু কপালত উঠে। এই সম্পৰ্কত সঠিক তথ্য জানিব বিচৰাত স্থানীয় বিজেপি নেতাগৰাকীয়ে টকা আৱন্টনৰ কথা দীৰ্ঘদিন ধৰি অস্বীকাৰ কৰে আৰু মহিলা গোটক তেওঁৰ বিৰুদ্ধে থানাত গোচৰ দিবলৈ কয়।
এই কথাত ক্ষুব্ধ হৈ মহিলা গোটটোৱে মঙলবাৰে সদলবলে আহি নিৰ্মাণ সমিতিৰ সম্পাদক-সভাপতিকে ধৰি আটাইকেইজন সদস্যৰ বিৰুদ্ধে গোচৰ তৰে। এশজনীয়া গোটটোৰ সদস্যাসকলে থানাত গোচৰ তৰাৰ উপৰি বৰনগৰ ৰাজহ চক্ৰ বিষয়াক লগ ধৰি ঘটনাৰ উচিত তদন্ত কৰি তেওঁলোকক ন্যায় দিবলৈ দাবী জনায়। মঙলবাৰৰই কাৰ্যসূচীত জোনমণি দাস, কনকলতা নাথ,দুলুমণি দাস আৰু জুৰি দাসে নেতৃত্ব দিয়ে। তেওঁলোক জানিবলৈ দিয়া মতে সমিতিয়ে ন্যায় নোপোৱালৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিব ।
- Log in to post comments
- 17 views