ৰে'লৱে খণ্ডক ব্যক্তিগতকৰণঃবঙাইগাঁৱত এমপ্ল'য়িজ ইউনিয়নৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

দেশৰ ৰে'লৱে খণ্ডক ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি মঙলবাৰে এন এফ ৰে'লৱে এমপ্ল'য়িজ ইউনিয়নে বঙাইগাঁৱৰ পাগলাস্থানস্থিত ৰে'লৱে অভিযান্ত্ৰিক কাৰখানা চৌহদত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও শাখা ৰে'লৱে এমপ্ল'য়িজ ইউনিয়নৰ উদ্যোগত ইউনিয়নৰ পাঁচটা শাখাই কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইউনিয়নে ৰে'লৱেত আউটছোৰ্চিং বন্ধ কৰাৰো দাবী জনায় ৷ ইউনিয়নৰ কৰ্মীসকলে ৰে'লমন্ত্ৰী হুচিয়াৰ ,ভাৰত চৰকাৰ হুচিয়াৰ,ৰে'ল প্ৰশাসন হুচিয়াৰ ,ৰে'লৱেক ব্যক্তিগকৰণ কৰা বন্ধ কৰক , আউটছোৰ্চিং বন্ধ কৰক আদি বিভিন্ন শ্লোগান দি কাৰখানা চৌহদ উত্তাল কৰি তোলে।প্ৰতিবাদস্থলীত চৰকাৰৰ শ্ৰমিক বিৰোধী কাৰ্য তথা ৰে'ল শিল্পক ধ্বংস কৰি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ এনে পদক্ষেপৰ বিৰোধিতা কৰি  নিউ বঙাইগাঁও কাৰখানা শাখা ৰে'লৱে এমপ্ল'য়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক গজেন নাৰ্জাৰীয়ে কয় যে বিজেপি চৰকাৰৰ এনে হঠকাৰী পদক্ষেপৰ বিৰুদ্ধে ৰে'লৱে শ্ৰমিক সংগঠনসমূহে বিভিন্ন প্ৰতিবাদ ,ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও চৰকাৰে আমাৰ ট্ৰেড ইউনিয়নসমূহৰ কথা শুনিবলৈ নিবিচাৰে ৷ তেওঁলোকৰ যিহেতু সংখ্যাগৰিষ্ঠ চৰকাৰ আছে,সেয়ে চৰকাৰ ভাঙি যোৱাৰ কোনো ভয় নাই।গতিকে, কৰ্মচাৰীসকল বা ট্ৰেড ইউনিয়নসমূহে আন্দোলন কৰি আছে যদিও চৰকাৰে ইউনিয়ন সমূহৰ কথা শুনিবলৈ ৰাজি নহয় বা দাবী মানি লবলৈ ৰাজি নহয়।তেওঁলোকে নিজা ইচ্ছাৰে ব্যক্তিগতকৰণ কৰি আছে আৰু এনেকৈ ব্যক্তিগতকৰণ কৰি থকাত ইতিমধ্যে পঞ্চাছ শতাংশ ব্যক্তিগতকৰণ হৈয়ে গৈছে ৷ 
সেয়েহে, চৰকাৰে ৰে'ল খণ্ডক ব্যক্তিগতকৰণ কৰি থকাৰ পিছতো যদি ৰে'ল শ্ৰমিকৰ সংগঠনসমূহে প্ৰতিবাদ নকৰে বা মাত নামাতে তেতিয়াহ'লে কিন্তু ৰে'লৱে কৰ্মচাৰীসকলৰ ভৱিষ্যৎ অন্ধকাৰ ৷ আগতে নিউ বঙাইগাঁও ৰে'লৱে কাৰ্খানাত চাৰি - পাঁচ হেজাৰ কৰ্মচাৰীয়ে কাম কৰিছিল যদিও বৰ্তমান কেৱল দুই হাজাৰ কৰ্মচাৰীয়ে কাম কৰি আছে।কাম বাঢ়িছে যদিও কৰ্মচাৰীৰ সংখ্যা বঢ়োৱা হোৱা নাই ৷ বৰং ব্যক্তিগত খণ্ডক ৰে'লৱেৰ বিভিন্ন কাম-কাজ গতাই দিছে ৷ এনেকৈ চলি থাকিলে ৰে'লৱেৰ ভৱিষ্যৎ অন্ধকাৰ বুলিও তেওঁ কয়।সেয়ে চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু ২৭ অক্টোবৰলৈ চলি থাকিব ৷ উল্লেখ্য যে প্ৰতিবাদস্থলীত এমপ্ল'য়িজ ইউনিয়নৰ বঙাইগাঁও শাখাৰ সাধাৰণ সম্পাদক খনীন্দ্ৰ ভট্ট, নিউ বঙাইগাঁও ৰাণিং শাখাৰ সাধাৰণ সম্পাদক উৎপল দাস, নিউ বঙাইগাঁও শাখাৰ সাধাৰণ সম্পাদক সঞ্জয় কুমাৰ আৰু ৰঙিয়া মণ্ডল শাখাৰ সভাপতি অঞ্জন আচাৰ্জীয়ে চৰকাৰে ৰে'লৱেক ব্যক্তিগতকৰণ কৰাৰ বিৰোধিতা কৰি বক্তব্য প্ৰদান কৰে।লগতে,চৰকাৰৰ এনে পদক্ষেপৰ বিৰুদ্ধে সকলো শ্ৰমিক - কৰ্মচাৰীকে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ৷


 

Your Comments