কাশ্মীৰী পণ্ডিতসকলক কাশ্মীৰত পুৰ্নবাস কৰোৱাৰ দাবী কাশ্মীৰী পণ্ডিতৰ সংগঠনৰ

Pic

জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ-৩৭০ আঁতৰোৱাৰ পিছত এতিয়া কাশ্মীৰী পণ্ডিতৰ সংগঠনে কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলৰ পুৰ্নবাসৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে।কাশ্মীৰী পণ্ডিতৰ এটা মাৰ্কিন যুক্তৰাষ্ট্ৰস্থিত সংগঠন 'কাশ্মীৰী অভাৰছিজ এছ'চিয়েচন'-এ উল্লেখ কৰিছে যে  অনুচ্ছেদ-৩৭০ আঁতৰোৱাৰ পিছত এটা আশাৰ ৰেঙণি দেখা গৈছে।কাশ্মীৰী পণ্ডিতসকলক কাশ্মীৰৰ পৰা খেদি পঠিওৱাৰ সুদীৰ্ঘ ৩০ বছৰৰ পিছত এই আশাৰ ৰেঙণি প্রত্যক্ষ কৰা গৈছে।এতিয়া কাশ্মীৰী পণ্ডিতসকলে নতুন শক্তি লাভ কৰিছে বুলিও সংগঠনটোৱে উল্লেখ কৰিছে।স্মৰ্তব্য যে ৩০ বছৰ পূৰ্বে ইছলামীয় মৌলবাদী সংগঠন,একাংশ মৌলবাদী নাগৰিকে কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত ব্যাপক হত্যা-লুণ্ঠন,অত্যাচাৰ চলাই পণ্ডিতসকলক কাশ্মীৰ উপত্যকাৰ পৰা খেদি পঠাইছিল।

Your Comments